Breaking

ধেমেচী জনাৰ্দন নামঘৰৰ স্থায়ী তোৰণ উন্মোচন…

0 14

ধেমেচী জনাৰ্দন নামঘৰৰ স্থায়ী তোৰণ উন্মোচন

ডিমৌৰ কাষৰীয়া ধেমেচী গোহাঁই গাঁও জনাৰ্দন নামঘৰৰ নৱনিৰ্মিত তোৰণখন আজি শুভ উন্মোচন কৰা হয়। নামঘৰটিৰ প্ৰতিষ্ঠা দিৱস দিৱস উপলক্ষত সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়ম অনুসৰি আয়োজিত এক অনুষ্ঠানত তোৰণখন শুভ উন্মোচন কৰে ভাষ্কৰ্য্য শিল্পী, নামাচাৰ্য তথা কলালোৰ কোঁচগাঁৱৰ নিৱাসী অৱসৰপ্ৰাপ্ত শিক্ষক ত্ৰিলোচন দত্তই।

তোৰণ উন্মোচনী অনুষ্ঠানত নামঘৰীয়া দিলীপ বুঢ়াগোহাঁই, ভাগৱত আৰু ভাওনা প্ৰদৰ্শন অনুষ্ঠানৰ আদৰণি সমিতিৰ সভাপতি দিপুল বৰগোহাঁইৰ লগতে জনাৰ্দন নামঘৰ পৰিয়ালৰ সদস্যসকল , দাঁতি কাষৰীয়া নামঘৰৰ ভালেসংখ্যক ভকত – আই উপস্থিত থাকে। উল্লেখ্য যে ১৯২০ চনৰ ১০ মাৰ্চত প্ৰতিষ্ঠা কৰা ধেমেচী গোহাঁই গাঁও জনাৰ্দন নামঘৰৰ

তোৰণখন নামঘৰ পৰিয়ালৰ সদস্য ক্ৰমে মোহন বৰগোহাঁই, কুলেন বৰগোহাঁই আৰু মৃদুল বুঢ়াগোহাঁইৰ পৰিয়ালে নিজা পুঁজিৰে নিৰ্মাণ কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰিছে। ইফালে নামঘৰত অহা ১৫ , ১৬ আৰু ১৭ মাৰ্চত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমদ্ভাগৱত পাঠৰ আৰু ভাওনা প্ৰদৰ্শন আয়োজন কৰিছে। ১৭ মাৰ্চৰ নিশালৈ গৌৰীসাগৰৰ ত্ৰিলোচন সাংস্কৃতিক গোষ্ঠীৰ শিল্পী সমাজে “দক্ষ যজ্ঞ” ভাওনা প্ৰদৰ্শন কৰিব।

Leave A Reply