ডিব্ৰুগড় জিলাৰ টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত এক নং সাপকাঁইট গাঁৱৰ প্ৰয়াত আনন্দ গগৈৰ পুত্ৰ অজয় গগৈ(৩৫) নামৰ এজন যুৱক দেওবাৰৰ পৰা সন্ধানহীন হৈ আছে।শাৰীৰিকভাৱে কিছু সক্ষম যুৱকজন মৰাণ নাহৰকটীয়া পথৰ পৰা সন্ধানহীন হোৱা বুলি পৰিয়ালৰ পৰা জানিব পৰা গৈছে।পৰিয়ালৰ লোকে বিভিন্ন ঠাইত থকা আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰিও যুৱকজনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।যাৰ ফলত যুৱকজনৰ পৰিয়ালটোৰ মাজত হাহাকাৰময় পৰিবেশ সৃষ্টি হৈছে।বিশেষকৈ যুৱকজনৰ বৃদ্ধা মাতৃয়ে সন্ধানহীন পুত্ৰক বিচাৰি ব্যাকুল হৈ পৰিছে।পৰিয়ালৰ লোকে যুৱকজন সন্ধানহীন হোৱাৰ সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত অৱগত কৰিছে।তদুপৰি কোনোলোকে যুৱকজনৰ সন্ধান লাভ কৰিলে স্থানীয় আৰক্ষী থানা অথবা 9954087473,9957362900,9954801668,7086225932 ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ কৰিছে।

