Breaking

জনসমুদ্ৰত পৰিণত শুৱালকুছিৰ ৰাসস্থলী ! কৃষ্ণপ্ৰেমৰ অমিয়া বন্দনা আৰু ৰাসৰ উল্লাস- উদ্দীপনাত মুখৰ বস্ত্ৰনগৰী…

0 52

কৃষ্ণপ্ৰেমৰ অমিয়া বন্দনা আৰু ৰাসৰ উল্লাস- উদ্দীপনাত মুখৰ বস্ৰনগৰী

ৰাজ্যৰ বিভিন্ন প্ৰান্তত লগতে বস্ৰনগৰী শুৱালকুছিতো চলি আছে ৰাসৰ উল্লাস-উদ্দীপনা আৰু কৃষ্ণপ্ৰেমৰ অমিয়া বন্দনা। কালি আৰু আজি নিশা দ্বিতীয় বৃন্দাবনলৈ পৰ্যবেসিত হ’ল শুৱালকুছিৰ ৰাসস্হলী। সন্ধিয়াৰ পৰা অগণন ভক্তপ্ৰাণ ৰাইজৰ সমাগমে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে ৰাস উদযাপন স্হলীত ৷ ৰাধা-কৃষ্ণৰ যুগলবন্দী সহ গোপীৰ লয়লাসকে ধৰি ৰাস মহোৎসৰ লগত জড়িত প্ৰায় চল্লিশটা স্হলত বিভিন্ন মৃন্ময় মূৰ্ত্তিৰ দৃশ্যই মন্ত্ৰমুগ্ধ কৰিলে সমবেত হাজাৰ-হাজাৰ দৰ্শকক। ইয়াৰে কেইবাটিও স্হল বৈদ্যুতিক কাৰুকাৰ্যৰে জীৱন্ত কৰি তোলা প্ৰয়াসত সফল হৈছে উদ্যোক্তা সকল ৷ ৰাস থলী নিশা প্ৰতিদিনে নিমন্ত্ৰিত আগশাৰীৰ শিল্পীৰ গীত-মাত, বাঁহী-তালৰ মূৰ্চনাৰে মুখৰিত হৈছে শুৱালকুছিৰ ব্ৰহ্মপুত্ৰৰ সেউজ বালিচৰৰ আকাশ-বতাহ। ইফালে আনন্দমেলা আৰু বস্ৰমেলাত অগণন লোকৰ সমাৱেশ ঘটিছে ৷ আনন্দ উল্লাহৰ মাজত কেনেদৰে সময় পাৰ হৈছে তাক ধৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাসস্হলীত ৷

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে শুৱালকুছিৰ ৰাস মহোৎসৱ দেখি অভিভূত হৈ পৰিছে ৷ পাৰ্কিঙৰ সু-ব্যৱস্হা থকাৰ লগতে খোৱাৰ বাবে যথেস্ট সংখ্যক হোটেল ৰেস্টুৰেন্টৰ ব্যৱস্থা কৰিছে ব্যৱসায়ী সকলে ৷ কেটলী মুখত দিয়া পিঠা আৰু ফিকা চাহ ৰাসৰ এক আকৰ্ষণ হৈ পৰিছে ৷ চকৰিৰ জৰিয়তে ভাগ্য পৰীক্ষা কৰা খেলে সকলোকে আমোদ দিছে ৷ আৰক্ষী-প্ৰশাসনে ৰাস মহোৎসৱৰ সকলো দিশ পৰ্যবেক্ষণ কৰি আছে ৷ ৰাসস্হলীৰ প্ৰতিটো প্ৰান্ততে ব্যৱহাৰ কৰা হৈছে চি চি টিভি ৰ কেমেৰা ৷ যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হব নোৱাৰে ৷ জীৱন্ত ভূপেন হাজৰিকা আৰু জীৱন্ত মহাত্মা গান্ধীৰ কাৰুকাৰ্যই সকলোকে মোহিত কৰিছে ৷

আদিবাসীৰ বাসস্থানক লৈ প্ৰস্তুত কৰা ৰাসস্হলীৰ মূল গেটটোৱে এক বিশেষ মৰ্যদা প্ৰদান কৰিছে ৷ হনুমানৰ গদা আৰু পুতনা বধে সকলোৰে মন মুহিত কৰিছে ৷ ৰাস উদযাপন সমিতিৰ সভাপতি ৰাজীৱ দাসে জানিবলৈ দিয়ামতে বিগত দিন কেইটাত ৰাসস্হলীত কেবা লক্ষ্য লোকৰ সমাগম ঘটিছে। ৰাসস্হলীত বিৰ দি বাট নোপোৱা অৱস্থা হৈছে ৷ সমগ্ৰ বালিচৰত এক আধ্যাত্মিক পৰিবেশ বিৰাজ কৰিছে ৷ আনহাতে সৰু লৰা-ছোৱালীৰ বাবে পানীত নাওঁ খেলৰ লগতে আন বহুত খেলৰ ব্যৱস্থা কৰা হৈছে ৰাসস্হলীত ৷ মুঠতে শুৱালকুছিৰ ৰাসে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এক নতুন দিগন্তৰ সূচনা কৰিছে ৷ উদ্যোক্তা সকলে অসমবাসী ৰাইজক ৰেচম গাওঁ হিচাৱে পৰিচিত বস্ৰনগৰী হিচাৱে খ্যাত শুৱালকুছিৰ ৰাস মহোৎসৱ চাবলৈ আন্তৰিকতাৰে আহ্বান জনাইছে ৷

Leave A Reply