আজি গুৱাহাটী প্ৰেছ ক্লাবত চানমাৰিৰ ভাষা প্ৰকাশনৰ পৰা প্ৰকাশিত হিমাংশু পাঠকৰ ‘নাহৰৰ ছাঁ’ শীৰ্ষক অনুগল্প পুথিখন উন্মোচন কৰা হয়৷ ভাষা প্ৰকাশনৰ স্বতাধিকাৰী মুকুট শৰ্মাই আঁত ধৰা সভাখন প্ৰতিষ্ঠিত ব্যৱসায়ী অমৃত কুমাৰ বুঢ়াগোহাঁইয়ে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে৷ গ্ৰন্থখন উন্মোচন কৰে প্ৰাগ নিউজৰ ডেপুটি এডিটৰ বিশিষ্ট সাংবাদিক, দেৱজিৎ ভূঞাই ৷

বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে গুৱাহাটী মহানগৰ কবি কাননৰ সভাপতি কমলজিৎ কলিতা, দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাঁই ৷ বিশিষ্ট অতিথিৰ ভাষণৰ লগতে লেখক হিমাংশু পাঠকে গ্ৰন্থখনৰ বিষয়ে দুষাৰ কয় ।

তাৰ উপৰিও সভাত উপস্থিত থাকে পুলেন গোস্বামী, সুৰেন্দ্ৰ মোহন দাস, কাব্যশ্ৰী বৰপাত্ৰ, জোনাক আলোচনীৰ মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱা, দেৱৰ্ষি গৌতম, হৰেকৃষ্ণ হালৈ, তনুশ্ৰী পাঠক,মুহিধৰ কলিতা , অঞ্জন গোস্বামী, অসীম শৰ্মা, জিগ্নাচা পাঠক আদিকে ধৰি বহু কেইজন ব্যক্তি।শেষত শলাগৰ শৰাই আগবঢ়াই তনুশ্ৰী পাঠকে।

