তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা।পৰীক্ষা কেন্দ্ৰত থাকিব এজনকৈ এছ আই,কৰ্তন কৰা হ’ব ইন্টাৰনেট।
২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হবলগীয়া ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষাক লৈ চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ।পৰীক্ষাৰ পূৰ্বে দুষ্ট চক্ৰক ৰোধিবলৈ সাজু আৰক্ষী, প্ৰশাসন।ইতিমধ্যে প্ৰশ্নকাকত ভাইৰেল কৰাৰ চেষ্টা কৰা এটা অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে।
পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।সমগ্ৰ পৰীক্ষা ব্যৱস্থাটো কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ পাতিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।
টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ লেখীয়াকৈ সম্পূৰ্ণ নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে যোগ্যতাৰ ভিত্তিত যাতে নিযুক্তি লাভ কৰে তাক লৈ মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে।
সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “২৬ হাজাৰ নিযুক্তি পৰীক্ষাক লৈ অহা ১৬ তাৰিখত এচপি-ডিচিৰে বৈঠক হ’ব।প্ৰতিটো পৰীক্ষা কেন্দ্ৰত থাকিব এজনকৈ এছ আই।
পৰীক্ষা কেন্দ্ৰত কৰ্তন কৰা হ’ব ইন্টাৰনেট।এই সৰ্ববৃহৎ পৰীক্ষাৰ জৰিয়তে অসমত ২০ বছৰ বাবে গঢ়ি তোলা হ’ব কোৱালিটী মানৱ সম্পদ।পৰীক্ষাৰ পূৰ্বে দুষ্ট চক্ৰক ৰোধিবলৈ সাজু হৈ আছে সকলো।আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে।”