Breaking

দীঘলীপুখুৰীৰ পাছত বন্দৰ পৰিচালনা বহিৰাগতক। ধুবুৰী পাণ্ডু বন্দৰৰ দায়িত্ব মুম্বাইৰ বনিক গোষ্ঠীক…

0 67

ঐতিহাসিক দীঘলীপুখুৰী বহিৰাগত বনিক গোষ্ঠীৰ হাতত দিয়াৰ প্ৰতিক্ৰিয়াৰ মাৰ নৌযাওঁতেই দুটাকৈ বন্দৰৰ পৰিচালনাৰ দায়িত্ব বহিৰাগত বনিক গোষ্ঠীৰ হাতত তুলি দিয়া কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগে নিবিদাৰ জৰিয়তে ধুবুৰী আৰু পাণ্ডু বন্দৰ দুটা মুম্বাইৰ “এ টু জেদ এক্সিম” প্ৰতিষ্ঠানটোক পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰে। প্ৰতিষ্ঠানটোৱে ৫ বছৰৰ বাবে বন্দৰ দুটা পৰিচালনা কৰিব।

২৫ জুলাইত ধুবুৰী বন্দৰ আৰু পাণ্ডু বন্দৰটো ৫ ছেপ্তেম্বৰত মুম্বাইৰ বনিয়াৰ হাতত তুলি দিয়ে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে। এই বিষয়ে প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোৰ ব্যৱসায়ীক মুৰব্বী ছোহেল কাজানীয়ে।উল্লেখযোগ্য যে মন্ত্ৰালয়টোৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সময়ত অতি গোপনে অসমৰ বন্দৰ দুটি বহিৰাগত বনিয়াৰ হাতত তুলি দিয়া কাৰ্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

Leave A Reply