Breaking

“বৰ্তমানৰ যুৱ প্ৰজন্মই গণতন্ত্ৰৰ সাৰাংশ, গুৰুত্ব আৰু স্বাধীনতা সংগ্ৰামৰ বিষয়ে জানিব লাগিব”-ৰাজ্যপাল

0 107

ৰাজভৱনত আইআইটি আৰু আইআইএমৰ শিক্ষাৰ্থীৰে মত বিনিময় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ
“বৰ্তমানৰ যুৱ প্ৰজন্মই গণতন্ত্ৰৰ সাৰাংশ, গুৰুত্ব আৰু স্বাধীনতা সংগ্ৰামৰ বিষয়ে জানিব লাগিব”-ৰাজ্যপাল।অসমৰ নৱ নিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি ৰাজভৱনত আইআইটি আৰু আইআইএমৰ শিক্ষাৰ্থীৰে মত বিনিময় কৰে। ৰাজ্যপাল কাটাৰিয়াই কয়, “বৰ্তমানৰ যুৱ প্ৰজন্মই গণতন্ত্ৰৰ সাৰাংশ, গুৰুত্ব আৰু স্বাধীনতা সংগ্ৰামৰ বিষয়ে জানিব লাগিব। যিয়ে দেশবাসীক বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ প্ৰদান কৰিছে”। আজি ৰাজভৱনত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অধীনত যুৱ সংগম কাৰ্যসূচীৰ অংশ হিচাপে আয়োজিত মতবিনিময় কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীৰ এটা গোটৰ সৈতে বাৰ্তালাপ কৰি ৰাজ্যপালগৰাকীয়ে কয়, “আমাৰ যুৱ প্ৰজন্মক আমাৰ দেশৰ সমৃদ্ধ ইতিহাসৰ সৈতে সংযোগ কৰাটো প্ৰয়োজনীয় যাতে তেওঁলোকে দেশখনক ভালদৰে বুজি পায় আৰু ইয়াৰ বিকাশত অৰিহণা যোগাযব পাৰে”।

ৰাজ্যপালগৰাকীয়ে লগতে কয়, “অমৃতকাল হৈছে আমাৰ অধিক জ্ঞান, গৱেষণা আৰু উদ্ভাৱন বিচৰাৰ সময়। যিবোৰ আমাৰ নিজৰ। আমি এনে এখন ভাৰত গঢ়ি তুলিব লাগিব যাৰ শিপা প্ৰাচীন পৰম্পৰা আৰু ঐতিহ্যত অন্তৰ্ভুক্ত হৈ আছে, আৰু যাৰ বিস্তাৰ অসীমলৈ বিস্তৃত।আমি আমাৰ সংস্কৃতি, আমাৰ সভ্যতা, আমাৰ মূল্যবোধক জীয়াই ৰাখিব লাগিব আৰু আমাৰ সোণালী অতীত, আমাৰ বৈচিত্ৰ্যক সংৰক্ষণ আৰু প্ৰচাৰ কৰিব লাগিব আৰু লগতে আমাৰ শিক্ষা আৰু আমাৰ আন্তঃগাঁথনিক প্ৰভাৱিত কৰিবলৈ বিজ্ঞান আৰু প্ৰযুক্তিৰ শেহতীয়া প্ৰণালীবোৰৰ প্ৰতি নিৰন্তৰ চেষ্টা কৰিব লাগিব।” ৰাজ্যপাল কাটাৰিয়াই লগতে জোৰ দি কয় যে আইআইটি, আইআইএমৰ দৰে উচ্চ শিক্ষানুষ্ঠানসমূহে দেশক শীৰ্ষ পৰ্যায়ত স্থান দিয়াত এক ডাঙৰ ভূমিকা পালন কৰিব লাগিব। তেওঁ বিশ্বাস ব্যক্ত কৰে যে উচ্চ শিক্ষানুষ্ঠানসমূহে ভাৰতৰ উচ্চ শিক্ষাৰ গুণগত বিকাশত অৰিহণা যোগোৱাৰ সমল আছে।ৰাজ্যপালগৰাকীয়ে লগতে কয়, “আমি সকলোৱে জানো যে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূব অঞ্চলটো সামাজিক আৰু সাংস্কৃতিকভাৱে অনন্য। ইয়াত জনজাতিসকলৰ মাজত প্ৰচলিত পৰম্পৰা, ভাষা, প্ৰাকৃতিক সৌন্দৰ্যই সদায় পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকসকলক আকৰ্ষিত কৰি আহিছে। উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকল সাংস্কৃতিক ভাৱে ধনী”।

ৰাজ্যপালগৰাকীয়ে লগতে কয়, “আমাৰ আকাংক্ষাই দেশৰ বিকাশক সমৰ্থন কৰে। আমাৰ প্ৰগতি ৰাষ্ট্ৰৰ প্ৰগতিত নিহিত আছে। আমাৰ বাবে ৰাষ্ট্ৰৰ অস্তিত্ব আছে, আৰু আমি ৰাষ্ট্ৰৰ বাবে বিদ্যমান। এই অনুভূতি, এই উপলব্ধি নতুন ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত সকলো ভাৰতীয়ৰ আটাইতকৈ ডাঙৰ শক্তি হৈ পৰিছে।”মন কৰিবলগীয়া যে কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যপালে শিক্ষা মন্ত্ৰালয়, ভাৰত মন্ত্ৰালয়ৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচীৰ অধীনত আইআইটি-জম্মু-গান্ধী নগৰ আৰু আইআইএম-বাংগালোৰৰ শিক্ষাৰ্থীসকলৰ সৈতেও বাৰ্তালাপ কৰে।আইআইটি-গুৱাহাটী হৈছে নোডেল প্ৰতিষ্ঠান আৰু ই আইআইটি জম্মু, আইআইএম বাংগালোৰ আৰু আইআইটি গান্ধীনগৰ নামৰ তিনিটা যুটীয়া প্ৰতিষ্ঠানৰ পৰা ১৫০ গৰাকী প্ৰতিনিধিক এই মতবিনিময় অনুষ্ঠানত উপস্থিত থাকে।এই কাৰ্যসূচী হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য আৰু অন্যান্য ৰাজ্যৰ যুৱসকলৰ মাজত সংযোগ স্থাপন আৰু সহানুভূতি গঢ়ি তোলাৰ বাবে শিক্ষা মন্ত্ৰালয়ৰএক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অধীনত যুৱ সংগমৰ এক অনন্য প্ৰচেষ্টা।

Leave A Reply