The President of India । দুদিনীয়া বিশেষ সফৰত আজি বৃহস্পতিবাৰে মণিপুৰত উপস্থিত হ’ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু। যদিও ৰাষ্ট্ৰপতিৰ সম্পূৰ্ণ আনুষ্ঠানিক কাৰ্যসূচী এতিয়াও প্ৰকট কৰা হোৱা নাই, তথাপিও নিৰাপত্তা সংস্থাসমূহক ৰাষ্ট্ৰপতিৰ উচ্চস্তৰৰ ভ্ৰমণ উপলক্ষে প্ৰস্তুতি চূড়ান্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
বিষয়াসকলে জনোৱা মতে, ৰাষ্ট্ৰপতি মূৰ্মুৱে এই ভ্ৰমণত ৮৬ সংখ্যক নুপী লাল দিৱস উদযাপন প্ৰসঙত উপস্থিত থাকিব আৰু ৰাজ্যখনৰ কেইবাটাও পরিকলিত উন্নয়নমূলক প্রকল্প উদ্বোধন কৰিব। আন এগৰাকী বিষয়া জানোৱাকৈ, ১১ ডিচেম্বৰত তেওঁ ইম্ফলত এক ৰাজকীয় অনুষ্ঠানত অংশ ল’ব আৰু ১২ ডিচেম্বৰত নুপী লাল স্মৃতিসৌধ পৰিদৰ্শন কৰি স্বাধীনতা সংগ্ৰামী মহিলা সমূহক শ্ৰদ্ধাঞ্জলি জনাব। লগতে সেনাপতি জিলাতো এজন অনুষ্ঠানত অংশ লোৱাৰ সম্ভবনা আছে বুলি সূচোৱা হৈছে।
ইম্ফলত যো-জো প্ৰস্তুতি
ৰাষ্ট্ৰপতিগৰাকীক আদৰিবলৈ ইম্ফলত ব্যস্ততাপূৰ্ণ প্ৰস্তুতি চলিছে। বিভিন্ন বিভাগে একেলগে কাম কৰি নিৰাপত্তা, যান–বাহন পৰিচালনা আৰু অনুষ্ঠানস্থলসমূহৰ বন্দোবস্ত চূড়ান্ত কৰিছে। বীৰ টিকেন্দ্ৰজিৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাষ্ট্ৰপতিগৰাকীক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হ’ব।
ঐতিহাসিক প’লো খেলপথাৰৰ ভ্ৰমণ
বিমানবন্দৰৰ পৰা ওলাই ৰাষ্ট্ৰপতি মূৰ্মুৱে কাংজেইবুঙৰ ঐতিহাসিক ইম্ফল প’লো গ্ৰাউণ্ড পৰিদৰ্শন কৰিব—যাক বিশ্বৰ আটাইতকৈ পুৰণি প’লো খেলপথাৰসমূহৰ অন্যতম বুলি গণ্য কৰা হয়। শেহতীয়াকৈ ইয়াত অনুষ্ঠিত হৈছিল ১৫ সংখ্যক মণিপুৰ আন্তঃৰাষ্ট্ৰীয় প’লো প্ৰতিযোগিতা। ৰাষ্ট্ৰপতিগৰাকীয়ে প’লো প্ৰদৰ্শনী মেচো উপভোগ কৰা আশা কৰা হৈছে।
গুৰুত্বপূর্ণ উন্নয়ন প্রকল্পৰ আধাৰশিলা স্থাপন
সন্ধিয়া ইম্ফল চিটি কনভেনচন চেন্টাৰত আয়োজিত নাগৰিক সম্বৰ্ধনা অনুষ্ঠানত ৰাষ্ট্ৰপতি মূৰ্মুৱে কেইবাটাও নতুন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু সম্ভৱতঃ কেইটামান আঁচনি উদ্বোধন কৰিব। এই প্রকল্পসমূহে উত্তৰ–পূৱৰ অবকাঠামো, পৰ্যটন, আঞ্চলিক সংযোগ আৰু মহিলা সবলীকৰণৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্ব প্ৰতিফলিত কৰে।
নুপী লাল দিৱসত শ্ৰদ্ধাঞ্জলি
১২ ডিচেম্বৰত ৰাষ্ট্ৰপতিগৰাকীয়ে নুপী লাল স্মাৰক কমপ্লেক্সত উপস্থিত হৈ ১৯০৪ আৰু ১৯৩৯ চনৰ বৃটিছ শাসনৰ বিৰুদ্ধে সংঘটিত ঐতিহাসিক বিদ্ৰোহৰ সাহসী মণিপুৰী মহিলাসকলক শ্ৰদ্ধাঞ্জলি জনাব। এই দিনটোৱে মণিপুৰী মহিলাৰ সংগ্রাম, নেতৃত্ব আৰু ত্যাগৰ ঐতিহ্যক স্মৰণ কৰে।
সেনাপতি জিলাত ৰাজহুৱা সভা
শুকুৰবাৰে ৰাষ্ট্ৰপতি মূৰ্মুৱে সেনাপতি জিলাত অনুষ্ঠিত এক ৰাজহুৱা সভাত ভাষণ দিয়াৰ লগতে নতুন উন্নয়নমূলক পদক্ষেপসমূহ উদ্বোধন কৰিব। এই সফৰে মণিপুৰৰ চলমান উন্নয়ন প্রকল্পসমূহৰ গতি সলনি কৰাৰ লগতে স্থানীয় জনগণক উৎসাহিত কৰিব বুলি অনুমান কৰা হৈছে।
মণিপুৰৰ সামাজিক–সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্ব ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণত স্পষ্টভাৱে প্ৰতিফলিত হ’ব।

