Breaking

১৭,৫০০ কোটি টকা ব্যয় সাপেক্ষ ১২টা গুৰুত্বপূৰ্ণ বৃহৎ প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ…

0 18

ডাবল ইঞ্জিন চৰকাৰৰ দ্ৰুতগতিৰে আগুৱান অসম
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ৰাজ্যৰ উন্নয়নী যাত্ৰাত নতুন অৰুণোদয়ৰ সূচনাৰে ১৭,৫০০ কোটি টকা ব্যয় সাপেক্ষ ১২টা অতিকৈ গুৰুত্বপূৰ্ণ বৃহৎ প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে।

গ্রাম্য উন্নয়ন প্রকল্প, ৰে’ল প্রকল্প, হাইড্র’কার্বন প্রকল্প, স্বাস্থ্য আদিকে ধৰি দেশৰ প্ৰতি উৎসৰ্গিত বিভিন্ন খণ্ডৰ প্ৰকল্পসমূহে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ জনগণৰ কল্যাণত উল্লেখনীয় ভূমিকা পালন কৰিব।


দেশৰ অন্যান্য ৰাজ্যসমূহৰ সমানেই অসম এতিয়া বিকাশৰ দিশত অনিৰুদ্ধ গতিৰে আগুৱাইছে, যি পূৰ্বতে সম্ভৱপৰ হৈ উঠা নাছিল। প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী দৃষ্টিভংগী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সক্ৰিয়তাত এই যাত্ৰা আগন্তুক দিনতো অব্যাহত থাকিব।

Leave A Reply