Breaking

২৭ হাজাৰ কোটি টকা বিনিয়োগেৰে জাগীৰোডত টাটা গ্ৰুপৰ দ্বাৰা স্থাপন হ’ব লগা ছেমিকণ্ডাক্টৰ ইউনিট প্ৰকল্পৰ অহা ১৩ মাৰ্চত ভাৰ্চুৱেলী শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে…

0 35

২৭ হাজাৰ কোটি টকা বিনিয়োগেৰে মৰিগাঁও জিলাৰ জাগীৰোডত টাটা গ্ৰুপৰ দ্বাৰা স্থাপন হ’ব লগা ছেমিকণ্ডাক্টৰ ইউনিট প্ৰকল্পৰ অহা ১৩ মাৰ্চ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীই ভাৰ্চুৱেলী শিলান্যাস কৰিব ।

ইয়াৰ প্ৰস্তুতি সম্পৰ্কে আজি দলীয় কাৰ্যকৰ্তা সকলৰ সৈতে এখনি বৈঠক সম্বোধন কৰা হয়। বৈঠকত সামগ্ৰীক প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কেও আলোচনা কৰা হয়।

বৈঠকত যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, কাৰ্যবাহী সদস্য বিনীতা দৈমাৰী ,মণ্ডল সভাপতি সকল ক্ৰমে প্ৰবীন ডেকা , মল্লিকা বৰদলৈ , চন্দন দাস সহিতে কাৰ্যকৰ্তা সকল উপস্থিত থাকে।

Leave A Reply