Breaking

কোনো চৰকাৰী বন্ধ নথকা স্বত্তেও শুকুৰবাৰে প্ৰধান শিক্ষয়িত্ৰীয়ে বন্ধ ৰাখে বিদ্যালয়

0 50

কোনো চৰকাৰী বন্ধ নথকা স্বত্তেও ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত দক্ষিণ বৰভিঠা এম ই মাদ্ৰাছা শুকুৰবাৰে বন্ধ ৰখা পৰিলক্ষিত হৈছে। মাদ্ৰাছা খনৰ প্ৰধান শিক্ষয়িত্ৰী জুলেখা বেগমে নিজৰ খেয়াল খুচি মতে চলাই গৈছে এম ই মাদ্ৰাছাখন।

ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে শিক্ষকসকলে। বিদ্যালয় চৌহদত খেলি থকা ছাত্ৰৰ ভাষ্যমতে শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতি অনিয়মীয়া।

১০:৩০বজাৰ পৰা পাঠদান আৰম্ভ কৰি ১২ বজাতেই পাঠদান সামৰি বিদ্যালয়ৰ পৰা গুচি যায় শিক্ষক সকল। ৰূপসী শিক্ষা খণ্ডৰ কৰ্ত্তব্যৰ প্ৰতি থকা অনীহাৰ কাৰণেই একাংশ শিক্ষকে নিজৰ খেয়াল খুচি মতে চলাই গৈছে বিদ্যালয় সমূহ। দীৰ্ঘ দিনৰ পৰা মধ্যাহ্ন ভোজনো বন্ধ আছে বিদ্যালয়খনত। এনে বিদ্সমূহৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

Leave A Reply