Breaking

বজালীত ফুটবল খেল উপভোগ কৰিলে মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে

0 54

বজালীত ফুটবল খেল উপভোগ কৰিলে মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে।বজালী জিলাৰ অন্তৰ্গত বেজকুছিৰ “ব’হাগী ক্লাব”ৰ সৌজ্যন্যত অনুষ্ঠিত হোৱা ফুটবল খেল প্ৰতিযোগীতাখনিৰ আজি সামৰণি পৰে।ফুটবল খেলখনত বিশিষ্ঠ অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে বহুকেইজন গন্য মান্য ব্যক্তি।বেজকুছি বহাগী ক্লাবে অনুষ্ঠিত কৰা প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগীতাৰ আজি সামৰণি পৰিল।

ফাইনেলত খেল প্ৰবেশ কৰা দুটা দল ক্ৰমে নিচান FC ভোজকুছি আৰু কনক ইলেভেন বেজকুছি। খেলখনত দুইটা দলৰ মাজত ফাইনেল খেল অনুষ্ঠিত কৰা হয় ॥ শেষত বিজয়ী দল হিচাপে ঘোষিত হয় নিচান FC ভোজকুছিৰ ফুটবল দলটোৱে।প্ৰতিযোগীখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰে কনক ইলেভেনৰ অৰুপ নাথে।আৰু চুড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰে ধ্ৰুৱ মজুমদাৰে। উক্ত ফাইনেল খেলখনত মূখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰনজিৎ কুমাৰ দাস। লগতে উপস্থিত থাকে প্ৰতিদিন টাইম ৰ পাঠশালাৰ স্থানীয় সাংবাদিক মৃন্ময় পাঠকৰ লগতে বহুকেইজন বিশিষ্ঠ ব্যক্তি।

Leave A Reply