সম্প্ৰতি মানৱ জীৱনৰ বাবে এটা অতিশয় আতংকৰ বিষয় হৈ পৰিছে ড্ৰাগছৰ লগতে আন আন নিচাযুক্ত মাদক দ্ৰব্যসমূহ। এই দ্ৰব্যসমূহৰ প্ৰচলন ইমানেই ব্যাপক হৈ পৰিছে যে- ইয়াৰ প্ৰতিক্ৰিয়াই বৰ্তমান সময়ত একোটি পৰিয়াল,এখন সমাজ,গাওঁ,জিলা,ৰাজ্য তথা দেশৰ প্ৰতিজন সচেতন ব্যক্তিকেই চিন্তিত কৰি তুলিছে। স্বাস্থ্যৰ পক্ষে অতি হানিকাৰক মাৰাত্মক ড্ৰাগছৰ প্ৰতি একাংশ নতুন প্ৰজন্মৰ ল’ৰা-ছোৱালী,শিক্ষিত যুৱক-যুৱতী অত্যাধিক আসক্ত হৈ পৰা আমি সকলোৱেই দেখি আহিছো । ফলত আমাৰ সমাজত দ্ৰুতগতিত বৃদ্ধি পাই আহিছে হত্যা-ধৰ্ষণ, চুৰি,দকাইটি,লুন্ঠন আদি অনৈতিক তথা অসামাজিক, অপৰাধমূলক কামবোৰৰ । ড্ৰাগছৰ লগতে নানা ধৰণৰ মাদকদ্ৰব্য সেৱনকাৰীসকলে হেৰুৱাই পেলাইছে শাৰীৰিক, মানসিক আৰু দৈহিক শক্তি। ইয়াৰ কু-প্ৰভাৱেই সমাজ জীৱনৰ অৱক্ষয় ঘটাই চূৰান্ত সৰ্বনাশ সাধন কৰি আহিছে। ক্ৰমবৰ্ধমান গতিত বাঢ়ি অহা মাদক দ্ৰব্যৰ দ্ৰুত প্ৰচলনে সমগ্ৰ বিশ্বতে মহামাৰীৰ সৃষ্টি কৰি মানৱ জাতিক আতংকিত কৰাৰ লগতে নৱপ্ৰজন্মৰ উঠি অহাচাম যুৱক-যুৱতীক দিনক দিনে ধংসৰ মুখলৈ থেলি দিছে | যাৰ ফলত আমাৰ সমাজত বৃদ্ধি পাইছে ঘৰুৱা হিংসা তথা ঘৰুৱা অশান্তিৰ ৷ এই বক্তব্য নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ সঞ্জীৱ কুমাৰ শৰ্মাৰ ৷ পাঁচ জানুৱাৰীত নগাঁও আৰক্ষী চাউনিতৰ সভাগৃহত অনুষ্ঠিত হোৱা “নিচাসক্ত আজিৰ সমাজত ইয়াৰ প্ৰভাৱ তথা নিচাসক্ত লোকৰ পুনৰবাস আৰু নিচাসক্ত ৰোধ” শীৰ্ষক এখনি সজাগতা সভাত অংশগ্ৰহণ কৰি নিজৰ ভাষণ প্ৰসংগত এইদৰে কয় জিলা ও সত্ৰ ন্যায়াধীশ গৰাকীয়ে ৷ নগাঁও জিলা আইন সেৱা প্ৰাধীকাৰিৰ উদ্যোগত তথা নগাঁও জিলা প্ৰশাসন,জিলা সমাজ কল্যাণ বিভাগ,নগাঁও জিলা মহিলা সমিতি,নগাঁও মৰ্হষি মহিলা সমিতিৰ যৌথ সহযোগত অনুষ্ঠিত সজাগতা অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে সঞ্জীৱ কুমাৰ শৰ্মাৰ লগতে উপস্থিত থাকে নগাঁৱৰ মূখ্য ন্যায়িক দণ্ডাধীশ জ্যোস্না দাস,নগাঁও জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলিপ,অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰা,যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক অতুল চন্দ্ৰ পাটৰ,জিলা সমাজ কল্যাণ বিষয়া দিনেশ দাস,জিলা মানসিক স্বাস্থ্য আচঁনিৰ বিষয়া ডাঃ জিয়াউদ্দিন আহমেদ,আশ্ৰয় নিচামুক্তি কেন্দ্ৰৰ পৰিচালন সঞ্চালক ৰফিকুল ইছলাম,অধিবক্তা মুকুল প্ৰসাদ বৰঠাকুৰ,মল্লিকা শৰ্মা,জামালউদ্দিন ছৌধুৰীৰ লগতে অন্যান্য সকল উপস্থিত থাকে ৷ ঋতুৰাজ বৰা আৰু হিমাংশু বৰ্মনে আতঁধৰা অনুষ্ঠানটিত নগাঁও জিলা আইন সেৱা প্ৰাধীকাৰিৰ সম্পাদিকা মনালিছা দাস আৰু অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰাই নিচামুক্তি নগাঁও শীৰ্ষক এক কাৰ্যক্ৰমণিকা হাতত লোৱাৰ ওপৰত বিশেষ ভাৱে গুৰুত্ব আৰোপ কৰি ক্ষেত্ৰত স্বেচ্ছাসেৱী সংস্থা সমূহক সহায়ৰ হাত আগবঢ়ালৈ বিশেষভাৱে আহ্বান জনাই ৷ অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই অধিবক্তা শ্বাহনাজ চুলতানাই ৷

