তুলসীৰ সৈতে জাতীয় জীৱনৰ উৎসৱ কাতি বিহুৰ সম্পৰ্ক…

বিহু উৎসৱৰ লগত জড়িত হৈ আছে চহা-জীৱনৰ কৃষ্টিৰ ৰহঘৰা। ৰঙালী বা ভোগালী বিহুৰ দৰে কঙালী বিহুটি ৰং ৰইচৰ উৎসৱ নহয় যদিও ইয়াত জড়িত হৈ আছে লোক বিশ্বাস আৰু লোক জীৱনৰ আশা-আকাংক্ষা।

আহিন মাহত পথাৰ সেউজীয়া হৈ পৰে । সঁজাল ধৰা ধানে গেঁৰ মেলিবলৈ ধৰে। লখিমী সগৰ্ভা হৈ পৰে।

তুলসীৰ সৈতে জাতীয় জীৱনৰ উৎসৱ কাতি বিহুৰ সম্পৰ্ক অভিন্ন। এফালে পৰম্পৰা, আনফালে তুলসী গছে বায়ু বিশুদ্ধকৰণৰ লগতে ইয়াৰ ঔষধি গুণে আমাক প্ৰতি মুহূৰ্ততে সহায় কৰে।কাতি বিহুত অসমীয়া মানুহে তুলসী গছ ৰোৱে আৰু তুলসী মাক সেৱা কৰে। আহিনৰ সংক্ৰান্তিত (ভৰালৰ ওচৰত)চোতালত তুলসী ৰুই ইয়াৰ গুৰিত চাকি-বন্তি জ্বলোৱা হয়। মাহ-প্ৰসাদৰ শৰাই আগবঢ়োৱা হয়|

সন্ধিয়া গেঁৰ মেলা ধাননি ডৰাত (ঔটেঙা বাকলি বা অমিতা ফালি )মাটিৰ চাকি জ্বলায় |

মৰ্তত বিৰিন্দাদেৱীৱে তুলসী ৰূপে জন্ম লাভ কৰে আৰু তুলসী সকলোৰে দ্বাৰা পূজিত হয়। সেইবাবে হয়তো কাতি বিহুত তুলসীৰ পুলি ৰুই চাকি-বন্তি জ্বলায়। হাড়ক মাটি আৰু তেজক পানী কৰি কপালৰ ঘাম মাটিত পেলাই অশেষ কষ্ট কৰি কৰা ধানৰ খেতিডৰাই কৃষকৰ মনলৈ আশাৰ বতৰা কঢ়িয়াই আনে। সেউজীয়া পথাৰখনে কৃষকৰ মূখত হাঁহি বিৰিঙায়।

এই খেতিডৰাক বিভিন্ন পোক-পৰুৱা, চৰাই-চিৰিকটিৰ পৰা ৰক্ষা কৰাৰ বাবে পথাৰত চাকি বন্তি জ্বলোৱা হয়। চাকিৰ পোহৰত কৃষিৰ অনিষ্টকাৰী পোক-পাৰুৱাবোৰ জুইত জাহ যায় আৰু খেতিডৰা ৰক্ষা পৰে বুলি বিশ্বাস আছে।

কাতিবিহুৰ দিনা ধাননি পথাৰখন চাকিৰ পোহৰত জিলিকি উঠে। পথাৰত জ্বলি থকা চাকিবোৰে যেন সেইদিনা পথাৰখন পোহৰাই লখিমীক নিমন্ত্ৰণ কৰে। পথাৰত চাকি দিয়াৰ উপৰি- তামোলৰ তল, নাৰিকলৰ তল, পদূলি, ভঁৰাল ঘৰ, গোহালি ঘৰ, গৰাল, ৰান্ধনি ঘৰ আদি চাকি জ্বলাই পোহৰাই তোলে। যাতে লখিমী আহি উপচি পৰে।

প্ৰতিঘৰ মানুহৰ ঘৰত এজোপা তুলসী গছ থকাটো হিন্দু সংস্কৃতিৰ পৰম্পৰা। উত্তৰ ভাৰতৰ হিন্দু সকলে গোটেই কাতিমাহটো তুলসীৰ তলত চাকি জ্বলাই পূজা কৰে।

ভাৰতীয় সংস্কৃতিত সেইদিনা তুলসীৰ গুৰিত পানী দিয়াটো পৰম্পৰাগত লক্ষ্মী দেৱীৰ পূজা বুলি কোৱা হয়। কাৰণ বিষ্ণুৰ ভাৰ্যা লক্ষ্মীৰ আন এটা নাম তুলসী। তুলসী পূজা মানে হৈছে লখিমী পূজা। অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকে কাতি বিহুক লখিমী আদৰা উৎসৱ হিচাপে পালন কৰা দেখা যায়।

Related Articles