নাজিৰা নিৰ্বাচনী জিলাৰ অধীনস্থ ১০৪ নং নাজিৰা বিধানসভাৰ বাবে নিয়োজিত নিৰ্বাচন ব্যয় পৰ্যবেক্ষক ২০০৯ বর্ষৰ ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া আৰ এ প্ৰবীন কুমাৰ কালি নাজিৰাত উপস্থিত হয় । নিৰ্বাচন ব্যয় পৰ্যবেক্ষক গৰাকীৰ প্ৰট’কল বিষয়া হৈছে চৰাইদেউৰ সহকাৰী আয়ুক্ত সুনাম দাস। নাজিৰাত ৩ মাৰ্চত তেওঁ উপস্থিত হৈ ৪ মাৰ্চৰ পুৱা অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্ত আৰু সকলো কোষৰ বিষয়া সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব আৰু বিধান সভা নিৰ্বাচনৰ কাম কাজ সঠিক ভাবে সম্পন্ন কৰিবলৈ গঠন কৰা নিৰ্বাচনী কোষ সমূহৰ বিষয়ে বুজ ল’ব। প্ৰশাসনৰ তৰফৰ পৰা অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্তই তেখেতক সম্ভাষন জনাইছে আৰু আগন্তুক নিৰ্বাচনত সমূহ নাজিৰা বাসী ৰাইজৰ সঁহাৰি কামনা কৰিছে।

