Breaking

বঙাইগাঁৱৰ নাৰাৰভিটাত দুবাৰকৈ প্ৰথম স্থান পোৱা বিদ্যালয় গুণোৎসৱ সম্পূৰ্ণ।এইবাৰো ভাল ফলাফল অহাৰ আশংকা প্ৰধান শিক্ষকৰ

0 1,554

গুণোৎসৱৰ তৃতীয় দিনাই বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত নাৰাৰভিটা সন্তেষপুৰ প্ৰাথমিক বিদ্যালয়ত সুকলমে অনুষ্ঠিত হয় গুণোৎসৱ। কণকণ ছাত্ৰ ছাত্ৰীৰ মুখত ইংৰাজী, হিন্দী, অসমীয়া আৰু বাংলা ভাষা শুনিবলৈ পাই গুণমুগ্ধ হৈছে সৃজনগ্ৰাম শিক্ষা খণ্ডৰ সহ-পৰিদৰ্শকে। কিন্তু দুবাৰকৈ জিলাখনৰ ভিতৰত প্ৰথম স্থান পোৱা বিদ্যালয়খনৰ অৱস্থা একেবাৰে বেয়া। বিদ্যালয়ৰ সন্মুখত বোকা লগতে একাঠু পানী। নাই উপযুক্ত শ্ৰেণীকোঠাৰ লগতে বাউণ্ডেৰী ৱাল। নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা। শ্ৰেণী কোঠাৰ অভাৱত গছৰ তলত পাঠদান গ্ৰহণ কৰিব লগিয়া হৈছে কণকণ ছাত্ৰ ছাত্ৰীয়ে।

বিদ্যালয়খনত আদৰ্শ আৰু উন্নত মানদণ্ডৰ শ্ৰেণীকোঠা আৰু পাঠদানৰ ব্যৱস্থা কৰিলে ছাত্ৰ ছাত্ৰীয়ে আৰু অধিক শুনাম কঢ়িয়াই অনিব পাৰিব বুলি উল্লেখ কৰে পৰিদৰ্শকে।

Leave A Reply