৪০ বিঘা ভূমিত উৎপাদিত নেপেৰিয়ান ঘাঁহ বিক্ৰী কৰি স্বাৱলম্বী নিবনুৱা যুৱক

বিগত ১৫ বছৰ ধৰি বহি:ৰাজ্য বাংগালোৰত ছফ্টৱেৰ কোম্পানীত কৰ্মৰত অৱস্থাত থকা ধেমাজি জিলাৰ চিলাপথাৰৰ যুৱক ঘন জিমেৰ ল’কডাউনে সলনি কৰি দিলে জীৱন গতিপথ । ল’কডাউনৰ ফলত কৰ্ম সংস্থাপন হেৰুৱাই চিলাপথাৰৰ নিজা গাওঁ ৰেখা চাপৰিলৈ ঘুৰি আহি আত্মনিৰ্ভৰশীলৰ কাম আৰম্ভ কৰে যুৱকজনে৷ বানে ধোঁৱা অঞ্চলত ঘুৰি আহি কি কৰিব পৰা যায় বুলি কেইবা মাহ অধ্যয়ন কৰাৰ পিছত গুজৰাটৰ পৰা আমদানি কৃত গৰু, ছাগলীৰ উৎকৃষ্ট দানা নেপেৰিয়ান ঘাঁহৰ খেতি আৰম্ভ কৰিলে। উন্নত প্ৰজাতিৰ ছাগলী, গৰুৰ কাৰণে দানা হিচাপে ব্যৱহাৰ কৰা নেপেৰিয়ান ঘাঁহ বিক্ৰী কৰি স্বাৱলম্বী হোৱাৰ সপোন আজি বাস্তৱ দিশত ৰূপ লৈছে। প্ৰায় ৪০ বিঘা মাটি উৎপাদিত নেপেৰিয়ান ঘাঁহ বিক্ৰী কৰি আৰ্থিক বাবে স্বাৱলম্বী হৈছে। মাকৈ আৰু নেপেৰিয়ান ঘাঁহৰ কেইবাটাও প্ৰজাতিৰ সৈতে সংমিশ্ৰণ কৰি মাছৰ দানা উৎপাদনৰ কাম হাতত লৈছে। এনেকৈয়ে জীৱ জন্তুৰ দানা প্ৰস্তুত কৰি বৰ্তমান তেওঁ সম্পূৰ্ণ আত্মনিৰ্ভৰশীল হৈছে। ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ লোকে ঘন জিমেৰ ঘাঁহ ক্ৰয় কৰিব আহে। নিজৰ লগতে গাঁৱৰ ৰাইজে উৎপাদন কৰা গোমধান গাঁৱতে ক্ৰয় কৰি জীৱ জন্তুৰ দানা উৎপাদনত ব্যৱহাৰ কৰি গাঁৱৰ ৰাইজক সকাহ দিছে। বহি: ৰাজ্যত কৰ্ম সংস্থাপন হেৰুৱাই গাঁৱত ঘুৰি আহি আত্ম নিৰ্ভৰশীল হৈছে।নেপেৰিয়ান ঘাঁহৰ খেতি পৰিদৰ্শন কৰি স্থানীয় বিধায়ক ভূৱন পেগুৱে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সহায় আগবঢ়াব বুলি সদৰী কৰে।

Related Articles