চাদ্ৰী ভাষাৰ চুটি ছবি ‘প্ৰাণেৰ চুগা’ৰ চুটিঙৰ শুভাৰম্ভ…

অলপতে অসমৰ জনপ্রিয় কণ্ঠশিল্পী, পৰিচালক, প্ৰযোজক, অভিনেতা, গীতিকাৰ ,সুৰকাৰ, চিত্ৰনাট্যকাৰ মংগল নায়কৰ হৃদয়স্পর্শী চাদ্ৰীভাষাৰ এক চুটি ছবি “প্ৰাণেৰ চুগা”ৰ চুটিঙৰ শুভাৰম্ভ কৰা হয়। শান্তি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ কাহিনী, সংলাপ, চিত্ৰনাট্য আৰু পৰিচালনা মংগল নায়কৰ আৰু সহ পৰিচালক অতুল ভূমিজৰ। নগাওঁ জিলাৰ চাপানালাত চুটিং কৰা ছবিখনত অভিনয় কৰিছে শেৱালী ভূমিজ, মনোৱাৰ হুছেইন, সুপ্ৰীতি নায়ক (শিশু শিল্পী), পাৰ্বতী গগৈ, মঞ্জু ভূমিজ, শিৱ গগৈৰ লগতে বহু ন-পুৰণি শিল্পী।

কেমেৰাত আছে চাবিৰ আহমেদ আৰু চাজু। ছবিখনৰ কাহিনীত উল্লেখ থকা গাঁৱৰ এগৰাকী দুখীয়া পৰিয়ালৰ বিশেষ ভাবে সক্ষম কিশোৰীৰ ওপৰত আধাৰিত। ছবিখনৰ চুটিঙৰ কাম ইতিমধ্যে পূর্ণ গতিত চলি আছে। ছবিখনৰ মহুৰৎ অনুষ্ঠানত অৰবিন্দ চৌধুৰী, অৰুন কুমাৰ মূৰ্মূ, কমল শইকীয়া, কৃষ্ণ কুৰ্মী, জুতিকা ভূঞা আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ছবিখনে সমাজৰ বাবে সুন্দৰবাৰ্তা বহন কৰিব বুলি আশা কৰিছে ৰাইজে ৷

Related Articles