Breaking

৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী কেন্দ্ৰক। বিনামূলীয়া আঁচনিৰ লৈ কঠোৰ উচ্চতম ন্যায়ালয়, কেন্দ্ৰীয় চৰকাৰলৈ জাননী…

0 53

দেশত বন্ধ হব নেকি বিনামূলীয়া আঁচনি। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ সমূহৰ বিনামূলীয়া আঁচনিক লৈ কঠোৰ উচ্চতম ন্যায়ালয়। নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ লগতে সংলিষ্ট ৰাজ্যৰ শাসনাধিষ্ঠ চৰকাৰ সমূহে বিভিন্ন বিনামূলীয়া আঁচনি ঘোষনাৰে ভোটাৰ ৰাইজক প্ৰলোভিত কৰা এক পৰম্পৰাত পৰিণত হৈছে। বিৰোধী দল সমূহেও তেওঁলোকৰ চৰকাৰ আহিলে বিনামূলীয়াকৈ ৰন্ধন গেচ, বিজুলীকে ধৰি মহিলা শিশু, ছাত্ৰ ছাত্ৰীৰ বাবে একাধিক আঁচনি কাৰ্যকৰী কৰাৰ বিষয়ে ঘোষনা কৰে। পৰবৰ্তী সময়ত এনে আঁচনি ৰূপায়ন কৰোতে চৰকাৰে ৰাজকোষৰ পৰা ব্যয় কৰে হাজাৰ হাজাৰ কোটি টকা। আনহাতে কিছু আঁচনি কাৰ্যকৰী কৰাই নহয়। এনে আঁচনি ৰূপায়ন কৰোতে ৰাজ্যৰ মূল সমস্যা কৰবাতে ৰৈ যায়। শেহতীয়াকৈ বিনামূলীয়া আঁচনিৰ বন্যাৰ কু প্ৰথাত উদ্বিগ্ন হৈ পৰিছে উচ্চতম ন্যায়ালয়। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে মধ্য প্ৰদেশ আৰু ৰাজস্থান চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰক এই সন্দৰ্ভত জাননী জাৰি কৰি চাৰি সপ্তাহৰ ভিতৰত আদালতক সবিশেষ জনাবলৈ নিৰ্দেশ জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে একেদৰে নিৰ্বাচন আয়োগকো জাৰা কৰিছে জাননী।

মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ আগন্তুক নিৰ্বাচনলৈ লক্ষ্য ৰাখি কেন্দ্ৰৰ লগতে শাসক বিৰোধী সকলোৱে আঁচনি ঘোষনাৰ নামত নামি পৰিছে অঘোষিত প্ৰতিযোগিতাত। উল্লেখ্য যে অসমতো শাসনাধিষ্ঠ চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি মাইক্ৰ’ফাইনেন্স ঋণী সকলৰ ঋণ আদায়ৰ নামত হাজাৰ কোটি টকা ৰাজকোষৰ পৰা ব্যয় কৰে। একেদৰে স্কুটী, চাইকেল আদি প্ৰদানৰ নামতো ব্যয় কৰে কোটি কোটি টকা। আঁচনি আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ ৰাজকোষৰ পৰা হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰাৰ পিছত ৰাজ্যৰ উন্নয়নৰ নামত বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লাখ লাখ কোটি ঋণ লবলৈ বাধ্য হৈ পৰে চৰকাৰ। ইয়াৰ বিপৰীতে ৰাইজৰ মূৰত মাধমাৰ পৰে বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি, কৰ আৰোপেৰে। উচ্চতম ন্যায়ালয়ৰ স্হিতিক বিভিন্ন মহলে আদৰণি জনোৱাৰ লগতে সমৰ্থন কৰি কয় যে বিনামূলীয়া আঁচনিৰ বিপৰীতে চৰকাৰ একোখনে কৰ্মসংস্হাপনৰ লগতে কৰ্মসংস্কৃতি গঢ়ি তোলাত অধিক মনোনিবেশ কৰিলে ৰাজ্যৰ লগতে ৰাষ্ট্ৰৰো উন্নতি হোৱাটো নিশ্চিত।

Leave A Reply