টেট শিক্ষকৰ ‘পদূলিমূৰৰ পুথিভঁৰাল’: গ্ৰন্থ অধ্যয়নৰ নীৰৱ বিপ্লৱ

গ্ৰন্থ অধ্যয়ন এক প্ৰেৰণা আৰু উৎসাহৰ যোগ্য কাম।মানুহৰ মাজত এই সুস্থ ৰুচিবোধ জগাই তুলিবলৈ বিভিন্নজনে বিভিন্ন ধৰণে প্ৰয়াস কৰি আহিছে।এইবাৰ গোৱালপাৰা জিলাৰ এজন টেট শিক্ষকে এক অভিনৱ চিন্তাৰে গ্ৰন্থ অধ্যয়নৰ জগত খনলৈ এক নতুন সম্ভাৱনা কঢ়িয়াই আনিছে। আপোনাৰ প্ৰিয় গ্ৰন্থখন বিনামূল্যে আপুনি ঘৰতে বহি পাব আৰু পঢ়িব পৰাৰ বাট মোকলাইছে গোৱালপাৰা জিলাৰ মাটিয়াত কৰ্মৰত টেট শিক্ষক নয়নজ্যোতি দাসে।এয়া সম্ভৱ হৈছে এতিয়ালৈকে তেওঁৰ নিজা তথা একক প্ৰচেষ্টাত গঢ় লৈ উঠা ‘আৱৰ্তন:পদূলিমূৰৰ পুথিভঁৰাল’ৰ জৰিয়তে। ছপাৰ লগত জৰিত সকলোবোৰ সামগ্ৰীৰে অত্যধিক মূল্যবৃদ্ধিৰ কাৰণে ছপা গ্ৰন্থৰ মূল্যবৃদ্ধিও অৱধাৰিত হৈ পৰিছে।মন কৰিবলগীয়া কথাটো হ’ল যে গ্ৰন্থৰ প্ৰকাশ কেতিয়াও সেৱাসৰ্বস্ব হ’ব বা তাৰ লগত লাভ লোকচানৰ কথা জৰিত নাথাকিব বুলি ভৱাটো ভুল।অথচ গ্ৰন্থ অধ্যয়নৰ স্পৃহা সদায় প্ৰেৰণা আৰু উৎসাহৰ যোগ্য।ইচ্ছা থকা সত্বেও গ্ৰন্থৰ মূল্য অধিক হোৱাৰ বাবে,অথবা সংগ্ৰহ কৰাৰ সুবিধা নথকাৰ বাবে বহুতেই বহুসময়ত কিতাপ কিনি পঢ়িব নোৱাৰেগৈ।  সেইবাবেই গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহ থকাসকলকে ঘাইকৈ “আৱৰ্তন:পদূলিমূৰৰ পুথিভঁৰাল”ৰ পৰা ডাকযোগে কিতাপ যোগান ধৰা হয় আৰু পঢ়াৰ শেষত ডাকযোগেই ঘূৰাই পঠিওৱাটো নিয়ম। ইয়াৰ বাবে গ্ৰন্থানুৰাগীসকলে পঢ়িব খোজা কিতাপখনৰ নাম,নিজৰ ঠিকনা,ফোন নম্বৰ আদি যোগান ধৰিলেই হয়।মূলত: কিতাপ পঢ়িবলৈ আগ্ৰহী অথচ কিতাপ কিনিবলৈ অসমৰ্থ সকলকে এনেদৰে কিতাপ যোগান ধৰা হয় যদিও শেহতীয়াকৈ পাঠকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি সকলো পাঠককে আৱৰ্তনে সামৰি লৈছে।এনেদৰে এইবছৰৰ জানুৱাৰী মাহত প্ৰতিষ্ঠা লাভ কৰা পদূলিমূৰৰ পুথিভঁৰালে প্ৰায় ডেৰশজন পাঠকক কিতাপ পঢ়াৰ সুবিধা কৰি দিছে।ইয়াৰ বাবে পুথিভঁৰালৰ নামত কোনো নিৰ্দিষ্ট কাৰ্যালয় বা ভৱন নথকাকৈ কেৱল ফেচবুকৰ মাধ্যমেৰেই  সম্পূৰ্ণ প্ৰক্ৰিয়াটো চলাই নিয়া বুলি আমাক শিক্ষক দাসে জানিবলৈ দিছে।বৰ্তমান কেৱল গোৱালপাৰা জিলাৰ মাটিয়াৰ ইছলামপুৰ প্ৰাথমিক বিদ্যালয়ৰ সহ:শিক্ষক হিচাপে কৰ্মৰত দাসৰ পুথিভঁৰালৰ কিতাপ সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ পাঠকলৈ গৈছে।সম্প্ৰতি ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৱে পুথিভঁৰালৰ কাম কাজত কিছু জটিলতাৰ সৃষ্টি কৰিলেও এই যাত্ৰা অটুট থাকিব বুলি দাসে আমাক জানিবলৈ দিছে আৰু ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে। উল্লেখ্য যোগ্য যে শিক্ষক দাসৰ ঘৰ নগাঁও জিলাৰ ননৈৰ ওচৰৰ কমাৰ পানী গাঁওৰ অৱসৰী শিক্ষক ধৰ্মেশ্বৰ দাসৰ সু-যোগ্য সন্তান ।     

Related Articles