তামুলপুৰৰ উপৰচৰীয়াত উপৰচৰীয়া শ্ৰী শ্ৰী দুৰ্গা পূজাৰ ৰূপালী জয়ন্তী আৰম্ভ। অসমৰ অন্যান্য প্ৰান্তৰ লগতে তামুলপুৰ জিলাৰ ঐতিহ্য মণ্ডিত উপৰচৰীয়াত উপৰচৰীয়া শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ প্ৰাঙ্গণত এইবাৰ ছয়দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। আজি পুৱা ৮:০০ বজাত ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচী মুকলি কৰে দৰঙ্গাজুলি পৰিষদীয় সমষ্টিৰ এমচিএল এ বিজিৎ গৌৰা নাৰ্জাৰীয়ে। আন পচিশখন পতাকা বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা উত্তোলন কৰা হয়।
ইয়াৰ পিছত বলেন ৰাভাৰ দ্বাৰা মন্দিৰৰ মুখ্য দ্বাৰ উন্মোচন, ৰাফেল দৈমাৰী আৰু ভূপেন ৰাভাৰ দ্বাৰা স্মৃতি তৰ্পণ আৰু স্থায়ী মঞ্চ উদ্বোধন কৰে তামুলপুৰৰ যুৱ বিধায়ক জলেন দৈমাৰীয়ে। আজিৰ দিনটোৰ অন্যান্য কাৰ্যসূচী সমূহ হ’ল শান্তিৰ পাৰ চৰাই উৰণ,বন্তি প্ৰজ্বলন, আটচবাজী প্ৰদৰ্শন, আৰতী, ছোৱালীৰ নাগাৰা নাম ইত্যাদি।

