Breaking

বিপদজ্জনক ভাৱে যাতায়ত কৰিব লগা পৰিস্থিতি ৰামধন দিখাৰী গাঁৱৰ ৰাইজৰ…

0 18

১১৪ নং জোনাই বিধানসভা সমষ্টিৰ মূৰ্কংচেলেক (জনজাতি) উন্নয়ন খণ্ডৰ ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ অধিকাংশ বানপীড়িত অঞ্চলৰ গাঁৱৰ ৰাইজৰ যাতায়তৰ ভৰসা হৈছে বাঁহৰ দলং,সাঁকো আৰু হাত নাওঁ। বাৰিষা খৰালি সকলো সময়তে এনেদৰে বিপদজ্জনকভাৱে যাতায়ত কৰিব লগা পৰিস্থিতিয়ে ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ উন্নয়নৰ ফোপোলা স্বৰূপটো দৃষ্টিকটুভাৱে উদঙাই দিছে। পঞ্চায়তখনৰ বাদুলা চেন্টাৰৰ পৰা ১ নং,২ নং জামুগুৰী হৈ ৩ নং জামুগুৰী সংযোগী পথছোৱা অতি শোচনীয়।বাৰিষা কালত পথছোৱাৰ মাজত ছটা অংশত দিখাৰী নদীৰ বাঢ়নী পানীয়ে ছিন্নভিন্ন পেলোৱাৰ পাছত কোনো মেৰামতি অথবা দলং কালভাৰ্ট নিৰ্মাণ হোৱা নাই।ৰাইজে নিৰ্মাণ কৰা বাঁহৰ দলং কেইখনো ভাঙি ছিঙি জৰাজীৰ্ণ হৈ পৰিছে।

আনহাতে মৰমী চেন্টাৰৰ পৰা মাজগাঁও জয়পুৰ, উলুৱনী মাজগাঁও,২ নং উলুৱনী, জানপাৰ হৈ লংকা সংযোগী পথছোৱাৰ অৱস্থা পানীত হাঁহ নচৰা নিচিনা।পথছোৱাৰ মাজত পোন্ধৰ-বিশটা ঠাইত ছিঙি পেলাই দিখাৰী নদীৰ বাঢ়নী পানীয়ে যোৱা বাৰিষাত।আজিকোপতি ছিঙি পেলোৱা অংশ সমূহত দলং অথবা কালভাৰ্টৰ ব্যৱস্থা হৈ উঠা নাই। পূৰ্বে ৰাইজে নিৰ্মাণ কৰা বাঁহৰ দলংবোৰ উৱলি গৈছে। ইপিনে ৰামধন দিখাৰী গাওঁ পঞ্চায়তখনৰ দমকল ঘাটৰ পৰা বুঢ়ীসূঁতি কছাৰী হৈ ১ নং উলুৱনী সংযোগী জৰাজীৰ্ণ পথটোত কেবাটাও নলা,জানজুৰি আছে। কিন্তু অতি পৰিতাপৰ বিষয় যে আজিও উক্ত পথছোৱা পকীকৰণ নোহোৱাৰ লগতে পথত থকা নলা,জান সমূহৰ ওপৰত দলং নিৰ্মাণ হোৱা নাই। উল্লেখযোগ্য যে অগপৰ দ্বিতীয়টো আমোলত জোনাইৰ বিধায়ক প্ৰদান বৰুৱাই বুঢ়ীসূঁতি কছাৰী গাঁৱৰ সমীপৰ এটা নলাৰ ওপৰত এখন কাঠৰ দলং নিৰ্মাণ কৰিছিল যদিও এতিয়া দলঙখনৰ কোনো চিনচাব নোহোৱা হল।

বছৰৰ বাৰমাহেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ ৰাইজে হাত নাওঁ, বাঁহৰ দলং,সাঁকোৰেই বিপদসঙ্কুলভাৱে যাতায়ত কৰি আহিছে। ইপিনে বগৰীগুৰী তিনিআলিৰ পৰা ১ নং উলুৱনী গাঁৱৰ মৰমী তিনিআলি সংযোগী পথটোৰ নিৰ্মাণৰ কাম আজিও আৰম্ভ হোৱা নাই।যাৰফলত হাত নাৱেৰেই দশক দশক ধৰি যাতায়ত কৰি আহিছে বানপীড়িত ৰাইজে। মৰমী তিনিআলিৰ পৰা জামুগুৰী,  নামনি উলুৱনী, উলুৱনী জয়পুৰ হৈ মিছামৰা গাওঁ পঞ্চায়তৰ নাওঁকাটা সংযোগী পথ,বগৰীগুৰীৰ পৰা বদলপুৰ,লাম্বা মিলন,অপ্সৰা হৈ চেঙাজান সংযোগী পথকেইটা আজিও উন্নত ধৰণে নিৰ্মাণৰ ব্যৱস্থা হাতত লোৱা নাই। জৰাজীৰ্ণ পথকেইটাৰ মাজেৰে বৈ যোৱা নদ-নদী সমূহৰ ওপৰতো আজিকোপতি কোনো এখন চৰকাৰেই দলং,কাৰ্লভাট নিৰ্মাণৰ কাম হাতত নাই। যাৰফলত ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ ১ নং, ২ নং ৩ নং জামুগুৰী, ১ নং ,২ নং উলুৱনী, উলুৱনী জয়পুৰ, উলুৱনী মাজগাঁও, বিঞ্চুপুৰ, মলান মাল’, লংকা, খাগ্ৰাবাৰী,পাখ্ৰীগুৰী, বদলপুৰ আদি কৃষিজীৱী গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি বাৰিষা, খৰালি সকলো সময়তে সৰ্বসাধাৰণ ৰাইজে কষ্টকৰ যাতায়ত কৰিব লগা হৈ আহিছে। অসমৰ নৱগঠিত চৰকাৰখনক বানপীড়িত, কৃষিজীৱী অঞ্চলৰ বাট-পথ উন্নয়নৰ পদক্ষেপ হাতত ভূক্তভোগী ৰাইজে আহ্বান জনাইছে।

Leave A Reply