ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতি।

ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতি। দুৰ্নীতিৰ বিৰূদ্ধে বাতৰি সম্প্ৰচাৰ কৰাক লৈ সাংবাদিকক আক্ৰমণ এজন লাট মণ্ডলৰ। অভিযোগ অনুসৰি কিদুদিন পূৰ্বে মধুশৈলমাৰীৰ ২য় খণ্ডত   বিতৰ্কিত ভূমিক কেন্দ্ৰ কৰি লাট মণ্ডলৰ বিৰুদ্ধে এখন বাতৰি সম্প্ৰচাৰ হৈছিল। পিছত সেই সংক্ৰান্তত আজি ধুবুৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত লাট মণ্ডলক সোধ পোচ কৰাত দুয়োৰে তর্ক বিতৰ্কৰ লগতে এক হুস্থলীয়া পৰিবেশৰ সৃষ্টি হয়। সাংবাদিকৰ অভিযোগ অনুসৰি তাৰ পিছতেই লাটমণ্ডল জনে সাংবাদিক চৈয়দ নুৰুল আমিনক ব্লেডেৰে সাংবাদিকৰ হাত কাটি দিয়াৰ অভিযোগ লাট মণ্ডলৰ বিৰুদ্ধে। লগে লগে চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত উপস্থিত হয় আৰক্ষীৰ দল। ইতিমধ্যেই সাংবাদিক মণ্ডলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে লগতে লাট  মণ্ডল জনেও সাংবাদিকৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰে। ইফালে নুৰ হক লাট মণ্ডলক  শাৰীৰিক, মানসিক অত্যাচাৰ কৰাৰ অভিযোগ সাংবাদিক গৰাকীৰ বিৰুদ্ধে। এতিয়া কোন সঁচা কোন মিছা আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব।

Related Articles