বিশ্বনাথৰ গলিয়াত আদিবাসী ভুঞা সমাজৰ প্ৰতিষ্ঠাপক ৰামেশ্বৰ ভুঞাৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী পালন

বিশ্বনাথৰ গলিয়া গাওঁত ভুঞা সমাজে আদিবাসী ভুঞা সমাজৰ প্ৰতিষ্ঠাপক ৰামেশ্বৰ ভুঞাৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী পালন কৰে৷

২০১৭ চনত ইহলোক সম্বৰণ কৰা প্ৰয়াত ৰামেশ্বৰ ভুঞাই জনগোষ্ঠীটোৰ সৰ্বাংগীণ বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত আদিবাসী ভুঞা সমাজ গঠন কৰি একানপটীয়াকৈ সমাজৰ হকে কাম কৰি গৈছিল ৷

তেওঁৰ পবিত্ৰ স্মৃতিত ভুঞা সমাজে আয়োজন কৰে ষষ্ঠ মৃত্যু বাৰ্ষিকী ৷ সেই উপলক্ষে প্ৰয়াত ৰামেশ্বৰ ভুঞাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ , বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় ৷

উক্ত অনুষ্ঠানত ভুঞা সমাজৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিষয়ববীয়া তথা স্থানীয় ৰাইজ উপস্থিত থাকে ৷

Related Articles