Breaking

হাজোত অসম জাতীয় পৰিষদৰ বসন্ত উৎসৱ।৩৫ গৰাকী সাংবাদিকক সম্বৰ্ধনা…

0 63

অসম জাতীয় পৰিষদৰ হাজো বিধান সভা সমষ্টি সমিতিৰ উদ্যোগত হাজোৰ কলিতাকুছিস্থিত কাৰ্যালয় প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে বসন্ত উৎসৱ উদযাপন কৰা হয়। পুৱা চাফাই অভিযান,বিহু পতাকা উত্তোলন আৰু ছহিদ তৰ্পণৰ পিচতে জ্যেষ্ঠ নাগৰিকৰ সৈতে মত বিনিময় কৰা হয়। বিয়লি অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত হাজো বিধান সভা সমষ্টিৰ অন্তৰ্গত ৩৫ গৰাকী সাংবাদিকক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়।

অসম জাতীয় পৰিষদৰ কামৰূপ জিলা সমিতিৰ সম্পাদক তফজ্জুল হুছেইনে আঁত ধৰা অনুষ্ঠানত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দুলু আহমেদ অংশ গ্ৰহণ কৰি ২০১৩ চনৰ পৰা হাজো বিধান সভা সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ বাবে আত্মনিয়োগ কৰি আহিছে বুলি কয়। অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক শিশিৰদেৱ কলিতা, কামৰূপ জিলা সমিতিৰ সভাপতি সঞ্জীৱ মহন্ত, অসম জাতীয় যুৱ শক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নাজামুদ্দিন আহমেদেও অনুষ্ঠানত অংশ গ্ৰহণ কৰে। সন্ধিয়া বিহুৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

Leave A Reply