Breaking

নাজিৰা মাদুৰিৰ জয়মতীৰ জন্মস্থানত ৰাজ্য চৰকাৰে স্থাপন কৰিব মহীয়সী জয়মতী স্মৃতি ক্ষেত্ৰ

0 104

অহা ২৭আৰু ২৮মাৰ্চত দুদিনীয়া কাৰ্য্যসূচীৰে নাজিৰাৰ মাদুৰিত অসম চৰকাৰৰ আহোম জনগোষ্ঠীৰ বিশেষ উন্নয়ন পুঁজিৰ উদ্যোগত, মাদুৰি জয়া স্মৃতি দিৱস স্থায়ী সমিতিৰ লগতে বৃহত্তৰ মাদুৰি,মেছাগড়, মঠিয়াছিগাবাসী ৰাইজ আৰু বিভিন্ন দলসংগঠনৰ সহযোগত উদ্‌যাপন কৰা হ’ব ৩৪৪সংখ্যক মহীয়সী জয়মতীৰ স্মৃতি দিৱস।

এই সন্দৰ্ভত আজি নাজিৰাৰ মাদুৰিত জয়মতী স্মৃতি দিৱস উদ্‌যাপনস্থলীত অনুস্থিত হয় এখন সংবাদমেল। এই সংবাদমেলতেই জয়মতী স্মৃতি দিৱস উদ্‌যাপনক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়।

৩৪৪সংখ্যক মহীয়সী জয়মতীৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি এই অনুষ্ঠানত ৩৪৪খনকৈ পতাকা উত্তোলন কৰাৰ লগতে ৩৪৪গৰাকীকৈ মহিলাই পৰিৱেশন কৰিব সমবেত সংগীত। ইয়াৰ উপৰিও এই অনুষ্ঠানতেই অনুষ্ঠিত হ’ব ৰাজ্যিক ভিত্তিত জয়মতী নাটক প্ৰতিযোগিতাৰ লগতে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ’ব বিভিন্ন সাহিত্য-সাংস্কৃতিক প্ৰতিযোগিতা।

এই অনুষ্ঠানতেই অসমীয়া জাতিৰ এক দীৰ্ঘদিনিয়া সপোন বাস্তৱত ৰূপায়িত হোৱাৰ দিশে আগবাঢ়িছে। অসম বুৰঞ্জীৰ প্ৰতি খিলা পাতত সোণালী আখৰে লিপিবদ্ধ হৈ থকা মহীয়সী জয়মতীৰ স্মৃতিক্ষেত্ৰ এইবাৰ স্থাপন কৰিব ৰাজ্য চৰকাৰে আৰু এই জয়মতী স্মৃতিক্ষেত্ৰ স্থাপন কৰিব নাজিৰাৰ ঐতিহাসিক মাদুৰিত।

অসম চৰকাৰে পাৰম্ভিক পৰ্য্যায়ত ৪কোটি টকাৰ পুঁজিৰে প্ৰায় ১৩বিঘা মাটিত নিৰ্মাণ কৰিব এই জয়মতীৰ স্মৃতিক্ষেত্ৰ। দুদিনীয়া কাৰ্য্যসূচীৰে অনুস্থিত হ’ব লগীয়া এই অনুষ্ঠানৰ দ্বিতীয় দিনা অৰ্থাৎ ২৮মাৰ্চত মন্ত্ৰী পীয়ূষ হাজৰিকাই আধাৰশিলা স্থাপন কৰিব এই জয়মতীৰ স্মৃতিক্ষেত্ৰ।

প্ৰথম গৰাকী মহিয়সী নাৰীৰ প্ৰতীক তথা লাই থেপেনা বৰগোঁহাই আৰু চন্দ্ৰদাৰুৰ জীয়ৰী মহীয়সী জয়মতীৰ স্মৃতিক্ষেত্ৰ নিৰ্মাণৰ প্ৰস্তাৱক স্বাভাৱিকতে এতিয়া কেওদিশে আনন্দৰ বণ্যা বৈছে। স্বদেশ আৰু স্বজাতিৰ মঙ্গলৰ অৰ্থে আত্ম বলিদানেৰে বুৰঞ্জীত খুদিত কৰি অসমীয়া জাতিৰ সৌস্তভ বৃদ্ধি কৰা জয়মতী স্মৃতিক্ষেত্ৰ নাজিৰা মাদুৰিৰ ১৩ বিঘাকৈ মাটিত কৰা হ’ব নিৰ্মাণ।

অসম চৰকাৰে প্ৰদান কৰা ৪ কোটিকৈ টকাৰে নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব মহীয়সী জয়মতীৰ স্মৃতি স্বৰূপ এটি প্ৰতিমূৰ্তি, টাই বিদ্যালয়, উদ্যান, এটা প্ৰেক্ষাগৃহৰ লগতে নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে চাৰিবেৰাৰ পকীকৰণ।

Leave A Reply