Breaking

‘ৰাজ্য বেলেগ, ভাষা বেলেগ কিন্তু আমি এক’- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

0 43

আজি ৰাষ্ট্ৰীয় ঐক্য দিৱস। গুজৰাট ভ্ৰমণৰ দ্বিতীয় দিনা গুজৰাটৰ কেৱাদিয়াস্থিত ‘Statue of Unity’ পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাষ্ট্ৰীয় ঐক্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে ৰাজ্য বেলেগ, ভাষা বেলেগ, পৰম্পৰা বেলেগ, কিন্তু ইয়াত উপস্থিত প্ৰতিজন ব্যক্তিক ঐক্যৰ এক শক্তিশালী বান্ধেৰে বান্ধ খাই আছে।প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে গুজৰাটৰ কেৱাদিয়াত আজিৰ এই কাৰ্যসূচীত সকলোৱে আপ্লুত হৈ পৰিছে। ৰাণ ফৰ ইউনিটিত অংশগ্ৰহণ কৰিছে লাখ লাখ লোকে। আগন্তুক ২৫ বছৰে এই শতিকাত দেশৰ বাবে গুৰুত্বপূৰ্ণ ২৫ বছৰ।


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকীত ঐক্যৰ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছত তেওঁ ‘ৰাষ্ট্ৰীয় ঐক্য দিৱস’ত জনসাধাৰণৰ আগত শপত গ্ৰহণ কৰে আৰু নিৰাপত্তাৰক্ষীৰ শুভেচ্ছা গ্ৰহণ কৰে।


Leave A Reply