Breaking

প্ৰথমবাৰৰ বাবে বৰাক উপত্যকাত স্থাপন নামঘৰ, জগতগুৰুৰ প্ৰতিমূৰ্ত্তি

0 182

বৰাক উপত্যকাত স্থাপন হ’ল প্ৰথমবাৰৰ বাবে অসমীয়াৰ প্ৰানস্বৰূপ নামঘৰ। অসম মিজোৰাম সীমান্তৰ বেকীপাৰাত নামঘৰটোৰ আধাৰশিলা স্থাপন কৰে সাংবাদিক প্ৰশান্ত বৰাই।

শ্ৰীকৃষ্ণ ৰুক্মিণী কলাক্ষেত্ৰৰ সৌজন্যত বৰাকৰ অসমীয়া বিষ্ণু প্ৰিয়া ভাষাৰ বিশিষ্ট লেখক সমাজকৰ্মী ড০ বিধান সিংহৰ প্ৰচেষ্টাত নামঘৰটোৰ আধাৰশিলা স্থাপন কৰা হয়।


অনুষ্ঠানটোত জগতগুৰুজনাৰ এটা পূৰ্ণবয়বৰ প্ৰতিমূৰ্ত্তিৰো আধাৰশিলা স্থাপন কৰা হয়।

উল্লেখযোগ্য যে শ্ৰীকৃষ্ণ ৰুক্মিণী কলাক্ষেত্ৰই অসমীয়া সাহিত্যৰ সম্পদ সমূহ বিষ্ণু প্ৰিয়া মনিপুৰী ভাষালৈ অনুবাদ কৰাৰ লগতে সত্ৰীয়া নৃত্য, বিহু আৰু হুঁচৰিৰো কৰ্মশালা আয়োজন কৰি বৰাক ব্ৰক্ষ্মপুত্ৰৰ মাজত একতাৰ বান্ধোন অক্ষুণ্ণ ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Leave A Reply