Breaking

ছয়জনীয়া ডকাইতৰ দলৰ গ্ৰেপ্তাৰ কাহানী…

0 40

আৰক্ষীৰ জালত পৰিল ডকাইতিকাণ্ড সংঘটিত কৰা ছয়জনীয়া ডকাইতৰ দল ৷

ঢেকীয়াজুলি আৰক্ষীথানা এলেকাৰ চিৰাজুলিৰ মইলাআলী গাঁৱত ১৪ মাৰ্চ বৃহস্পতিবাৰে নিশা সংঘটিত হৈছিল ডকাইতিৰ ঘটনা ৷ বৃহস্পতিবাৰে নিশা ২ বাজি ৩০ মিনিটত সংঘটিত হৈছিল উক্ত ডকাইতিৰ ঘটনা ৷ অৱশেষত ঢেকীয়াজুলি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হল ছয়জনীয়া ডকাইতৰ দল ৷

গ্ৰেপ্তাৰ হোৱা ডকাইত কেইটা ক্ৰমে ভৰাশিঙৰী গাঁৱৰ ২২ বছৰীয়া মুক্তাৰ হুছেইন,ঢেকীয়াজুলিৰ মুলানপুখুৰী গাঁৱৰ ২০ বছৰীয়া ইয়াছিন আলী ,ঠেলামৰা কমাৰচুবুৰী গাঁৱৰ ২২ বছৰীয়া হাবিজুল ইছলাম,ঢেকীয়াজুলি পৌৰসভাৰ ৬ নং ৱাৰ্ডৰ ৬৮ বছৰীয়া মহম্মদ আলী,৩ নং ৰঙাগড়াৰ ২৫ বছৰীয়া ইব্ৰাহীম আলী,মুলানপুখুৰী গাঁৱৰ ২০ বছৰীয়া ফাৰুক আলী ওৰফে জিন্নাত ৷ উল্লেখ্য যে ঢেকীয়াজুলি আৰক্ষীথানা এলেকাৰ চিৰাজুলি মইলাআলী গাঁৱৰ বাসিন্দা হিতেন নাথৰ বাসগৃহত ১৪ মাৰ্চ  বৃহস্পতিবাৰে নিশা এই ডকাইতৰ দলে চুকা অস্ত্ৰ দেখুৱাই ডকাইতি কাণ্ড সংগঠিত কৰিছিল ৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত ডকাইত কেইটাক ন্যায়িক জিম্মাত প্ৰেৰণ কৰে ঢেকীয়াজুলি আৰক্ষীয়ে ৷

Leave A Reply