ধুবুৰী পৌৰসভাৰ অধীনস্থ নদী ঘাটবোৰত নিয়ম বহিৰ্ভূত ভাৱে দুষ্ট চক্ৰই মাছুল সংগ্ৰহ কৰি আছে। আজি চহৰখনৰ ১নং ৱাৰ্ডৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ এটা নদীঘাটৰ সমীপত দুচকীয়া বাহন এখনক পাৰ্কিং কৰাক লৈ দুগৰাকীকৈ স্থানীয় সাংবাদিকক পৌৰসভাৰ মাছুল সংগ্ৰহ কৰাৰ দায়িত্বত থকা বুলি দাৱী কৰা দুগৰাকী ব্যক্তিয়ে দূৰ্বব্যৱহাৰ কৰাৰ এক ঘটনাক লৈ সাংবাদিকৰ দল এটাই চলোৱা অনুসন্ধানৰ পিছত উত্থাপিত হৈছে এই প্ৰশ্নৰ। তেওঁলোকৰ প্ৰশ্নত ধুবুৰী পৌৰসভাই দুয়োকে অঞ্চলটোৰ ‘লোকাল বোৰ্ড ঘাট’ত মাছুল সংগ্ৰহৰ অনুমতি দিয়া বুলি দাৱী কৰে যুৱক দুজনে। ইপিনে উপস্থিত সাংবাদিকৰ সন্মুখত অঞ্চলটোৰ নদীঘাটটোৰে নাওেঁৰে বিভিন্ন চৰাঞ্চললৈ যোৱা বয়বস্ত লৈ অহা ঠেলা চালকসকলে তেওঁলোকে দিয়া মাছুলৰ বিনিময়ত দুয়ো কোনো ধৰণৰৰ ৰছিদ নিদিয়া বুলিয়েই উল্লেখ কৰে। সেই বিষয়টো লৈ কৰা সাংবাদিকৰ প্ৰশ্নত পৌৰসভাৰ মাছুল সংগ্ৰহৰ দায়িত্বত থকা বুলি দাৱী কৰা সেই দুজন যুৱকে কোনো সদুত্তৰ দিবলৈ সক্ষম নোহোৱাৰ বিপৰীতে ধুবুৰী পৌৰসভাৰ মোহৰ অথৱা স্বাক্ষৰ নথকা এখন ৰছিদ দেখুৱাই সেয়া দিয়া হয় বুলি দাৱী কৰে দুয়োয়ে। উল্লেখ্য যে, ধুবুৰী পৌৰসভাৰ অধীনস্থ বিভিন্ন নদীঘাট আৰু বজাৰসমূহৰ দায়িত্ব পোৱা লেছীসকলৰ সময়সীমা ইতিমধ্যে উকলি গৈছে আৰু বিষয়টোলৈ পৌৰসভা কৰ্তৃপক্ষই ইতিমধ্যে নিবিদাও আহ্বান কৰিছে। ফলত পৌৰসভাৰ কৰ্মচাৰীৰ ঠাইত অইনৰ হতুৱাই এইদৰে নদীঘাটটোৰ পৰা মাছুল সংগ্ৰহ কৰি থকা হৈছে নেকি সন্দেহত সাংবাদিকৰ দলটোৱে ধুবুৰী পৌৰসভাৰ কাৰ্যৱাহী বিষয়াগৰাকীৰ সৈতে যোগাযোগ কৰে আৰু তেতিয়াহে উৰহি গছৰ ওৰ ওলায়। বিষয়াগৰাকীয়ে পোনছাটেই সাংবাদিকদ্বয়ক দূৰ্বৱ্যহাৰ কৰা সেই ব্যক্তিদ্বয়ক চিনি নাপায় বুলি কয় আৰু পৌৰসভাৰ ‘‘টেক্স দাৰোগা’’ৰ পৰা প্ৰতিবেদন লোৱাৰ পিছত বিহীত ব্যৱস্থা লোৱা হ’ব বুলিও আশ্বাস দিয়ে।

ইপিনে আজিৰ এই ঘটনাৰ পিছত ‘লোকাল বোৰ্ড ঘাট’ৰ উপৰিও ধুবুৰী পৌৰসভাৰ অধানস্থ অইন নদীঘাট আৰু বজাৰসমূহৰ পৰা কোনো চক্ৰই পৌৰসভাৰ গইনা লৈ নিয়ম বহিভূৰ্ত ভাৱে মাছুল সংগ্ৰহ কৰি আছে নেকি বুলি এক প্ৰশ্ন উত্থাপিত হৈছে আৰু বিষয়টোলৈ জিলা প্ৰশাসনে ভালদৰে তদন্ত কৰাৰ প্ৰয়োজনীয়তা থকা বুলিও মত প্ৰকাশ কৰা পোৱা গৈছে স্থানীয় মহল একাংশই।

