Breaking

গ্ৰাম্য অঞ্চলৰ এখন বিদ্যালয়ৰ সফলতা, ১৯ গৰাকীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ,এজনে ডিষ্ট্ৰিংচন, দুজনে ষ্টাৰ

0 18


সদ্য ঘোষিত ৰহাৰ এখন গ্ৰামাঞ্চলৰ এখন চৰকাৰী বিদ্যালয়ৰ ফলাফলে অঞ্চল বাসীক দিছে আনন্দ। ১৯৬৬ চনতে স্থাপন কৰা দীঘলদৰি কাকতি গাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰ ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১৯ গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে এজনে ডিষ্ট্ৰংচন আৰু দুগৰাকী ছাত্ৰীয়ে ষ্টাৰ সহ উৰ্ত্তীণ হৈছে। উত্তীৰ্ণৰ হাৰ ৯৫ শতাংশ।

গ্ৰামাঞ্চলত স্থাপন হোৱা বিদ্যালয় খনৰ প্ৰতিষ্ঠা কালৰ পৰা সকলো ৰেকৰ্ড ভংগ কৰি সৰ্বোচ্চ ফলাফলে বিদ্যালয় খনৰ শিক্ষক- ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকে সন্তূষ্টি প্ৰকাশ কৰে ।আজি বিদ্যালয় খনত এক উৎসৱ মুখৰ পৰিবেশত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ- ছাত্ৰী সকলক একোখনকৈ গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ তৰফৰ পৰাও কৃতকাৰ্য হোৱা ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত প্ৰাক্তন শিক্ষক, শিক্ষয়িত্ৰী, পৰিচালনা আৰু উন্নয়ন সমিতিৰ লগতে ৰহা ৰিজনেন্স বিদ্যাপীঠৰ ৰেক্টৰকে ধৰি কেইবাগৰাকীও লোক উপস্থিত থাকে ।

Leave A Reply