প্রত্যেক বছৰৰ দৰে এই বছৰো সদ্যঘোষিত সৰ্বভাৰতীয় মেডিকেল প্রৱেশ পৰীক্ষাত(Neet) নগাঁৱৰ অগ্রনী শিক্ষানুষ্ঠান ডাছোৱানী ক্লাছেচ সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে । এইবাৰ শিক্ষা প্রতিষ্ঠান খনৰ পৰা মুঠ অৱতীৰ্ণ হোৱা ১২০ জন ছাত্ৰ-ছাত্রীৰ ভিতৰত ১০০ জনে মেডিকেল প্রৱেশ পৰীক্ষাত আৰু ২০ জনে ইঞ্জিনিয়াৰিং প্রৱেশ পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে Neet পৰীক্ষাত নগাঁৱৰ নীল আকাশ বৰদলৈয়ে ৬৫০ নম্বৰ লাভ কৰি সমগ্ৰ মধ্য অসমখনৰ ভিতৰত শীর্ষস্থান দখল কৰি প্রতিষ্ঠান খনৰ লগতে নগাঁও জিলালৈ সু-নাম কঢ়িয়াই আনিছে ।এইবাৰ NEET পৰীক্ষাত বিশেষ সফলতা লাভ কৰা ছাত্র-ছাত্ৰী সকল ক্ৰমে:- নীলআকাশ বৰদলৈ (৬৫০) , দিপাংকৰ বৰদলৈ (৬০৭) , অমনজ্যোতি মহন্ত (৫৭৯), মৃদুস্মিতা(৫২৯), অজয় মন্দল(৫২৭) ,
প্ৰতিষ্ঠান খনৰ পৰিচালক প্ৰাঞ্জল কুমাৰ বৰাই জনোৱা মতে NEET পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 40 জন ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত আৰু ২১ জন ছাত্ৰ-ছাত্ৰীয়ে NIT আৰু চৰকাৰী ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ত পঢ়িবৰ বাবে সুবিধা লাভ কৰিব । উল্লেখযোগ্য যে JEE পৰীক্ষাতো এইবছৰ প্ৰতিষ্ঠান খনৰ পৰা অৰুনাভ কাশ্যপে ৯৯% লাভ কৰি নগাঁৱৰ ভিতৰতে শীৰ্ষস্থান অধিকাৰ কৰিছে । প্ৰতিষ্ঠান খনৰ উত্তৰণৰ বাবে ৰাজস্থান কোটাৰ পৰা অহা ৮জন বিশেষ অভিজ্ঞ শিক্ষকে পাঠদান কৰে । ৰাতিপুৱা ৯বজাৰ পৰা আবেলি ৪বজালৈ নিয়মিত পাঠদান আৰু সাপ্তাহিক মূল্যায়নৰ ব্যৱস্থাই ছাত্ৰ-ছাত্ৰী সকলক আগুৱাই নিয়ে বুলি পৰিচালক জনে আমাক অৱগত কৰে।
ডাছোৱানীৰ এই সাফল্যই জিলাখনলৈ এক সুনাম কঢ়িয়াই অনাৰ লগতে শিক্ষা প্ৰতিষ্ঠান খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱক সকলৰ মাজত এক আনন্দৰ পৰিৱেশ বিৰাজ কৰিছে । এগৰাকী ছাত্র বা ছাত্ৰীক সৰ্বভাৰতীয় পৰ্যায়ৰ এই পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি তোলাৰ ক্ষেত্ৰত ডাছোৱানী ক্লাছেচে কঠোৰ অনুশীলনৰ আৰু ছাত্র ছাত্ৰী সকলক নিয়মিত শ্ৰেণী সমুহত উপস্থিতিৰ ওপৰত সদায়ে গুৰুত্ব দি আহিছে । সেয়ে বিগত কিছু বছৰৰ পৰা এই শিক্ষা প্ৰতিষ্ঠান খনে এশ শতাংশ সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে । আজিৰ এই ফলাফলে এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি কৰে নগাঁও চহৰত।

