তামুলপুৰ জিলাৰ অন্তৰ্গত শংকৰদেৱ একাডেমী জাতীয় বিদ্যালয়, নাগ্ৰীজুলিত বিটিআৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু শংকৰদেৱ সাংস্কৃতিক মহাবিদ্যালয়, নাগ্ৰীজুলিৰ সহযোগত ৭ জুলাইৰ পৰা অনুষ্ঠিত জ্যোতি সংগীত আৰু বিষ্ণু ৰাভা সংগীতৰ ১০ দিনীয়া কৰ্মশালা অনুষ্ঠানৰ আজি সফল সামৰণি পৰে। লতিবাৰী শংকৰদেৱ জাতীয় বিদ্যালয়ৰ প্ৰধান আচাৰ্য্য উপেন কলিতাই সভাপতিত্ব কৰা আজিৰ এই সামৰণি সভাখনত বিদ্যালয় খনৰ আচাৰ্য্য আচাৰ্য্যা আৰু ছাত্ৰ ছাত্ৰী সকলে সমৱেত সংগীতেৰে শুভাৰম্ভ কৰাৰ লগতে উক্ত সভাখনত মুখ্য অতিথিৰ আসন অলংকৃত কৰে বিটিআৰৰ চৰকাৰী মনোনীত এমচিএলএ হেমন্ত কুমাৰ ৰাভাই।

আজিৰ এই সামৰণি অনুষ্ঠানটোত উক্ত কৰ্মশালাত প্ৰশিক্ষণ প্ৰাপ্ত বহুকেইগৰাকী প্ৰশিক্ষাৰ্থীয়ে জ্যোতি সংগীত আৰু বিষ্ণু ৰাভা সংগীত পৰিৱেশন কৰাৰ লগতে বিদ্যালয়খনৰ আচাৰ্য আচাৰ্য্যা সকলেও গীত পৰিবেশন কৰে। তিনিকুৰিৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা উক্ত কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠানটোত প্ৰশিক্ষাৰ্থী সকলক চাৰ্টিফিকেট প্ৰদান কৰা হয়।
উক্ত সামৰণী অনুষ্ঠানটোত উপস্থিত থাকে তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ সাংস্কৃতিক উন্নয়ন বিষয়া যুগান্ত বায়ন, প্ৰশিক্ষক শ্যামল দাস, প্ৰতাপ ব্ৰহ্মকে আদি কৰি অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকা উপস্থিত থাকে।

