অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ কৰাৰ সিদ্ধান্তক বৈধ ঘোষণা উচ্চতম ন্যায়ালয়ৰ।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে জম্মু-কাশ্মীৰৰ দ্বিখণ্ডিতকৰণক বৈধতা প্ৰদান কৰে।
জম্মু-কাশ্মীৰক সুকীয়া ৰাজ্যিক মৰ্যাদা প্ৰদানৰ লগতে লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰিছে।
আনহাতে জম্মু কাশ্মীৰক শীঘ্ৰেই ৰাজ্যৰ মৰ্যাদাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ।
সামাজিক মাধ্যমযোগে অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ক স্বাগতম জনাইছোঁ বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

লগতে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।


