উজনি-মাজুলী : এফালে ক’ৰোনা আনফালে আকৌ অসমীয়াৰ পবিত্ৰ ভাদ মাহ। ভাদ মাহতে মহাপুৰুষ কেইজনৰ জন্ম সেয়ে কোৱা হয় ভাদ মাহতো পবিত্ৰ মাহ। এই পবিত্ৰ ভাদ মাহতে ক’ৰোনা ভাইৰাছকো একাশৰীয়া কৰি মাজুলী মূদৈবিল অঞ্চলৰ এদল দেৱশিশুৱে বয়স ৩ বছৰ পৰা ৮ বছৰৰ ভিতৰত বৃহত্তৰ অঞ্চলটোৰ দাঁতিকাষৰীয়া চিৰাম তেলেয়াবাৰী গাঁৱৰ শিল্পী কেশৱ ৰাজখোৱাৰ ওচৰত বৰগীতৰ পৰা আৰম্ভ কৰি গায়ন-বায়ন, ৰাভা সংগীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত, সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লৈ আজি বাতৰি শিৰোণাম দখল কৰিৱলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত অভিভাৱকসকলেও নিজৰ সন্তানটিক এই ক্ষেত্ৰত আগবঢ়াই নিবলৈ যত্পৰোনাস্তি চেষ্টাৰ ক্ৰুটি ৰখা নাই। মূদৈবিল অঞ্চলৰ এই কণ কণ শিশুসকলে প্ৰশিক্ষণ চাৱলৈ যোৱা সাংবাদিকৰ এটি দলৰ সন্মুখত প্ৰদৰ্শন কৰি দেখুৱালে, বৰগীত, লোকগীত, গায়ণ-বায়ন, সত্ৰীয়া নৃত্য, ৰাভা সংগীত, জ্যোতি, সংগীত, আধুনিক গীত, ভাওনাৰ বচন আৰু প্ৰৱেশ। কেশৱ ৰাজখোৱাক গুৰু মানি মূদৈবিল অঞ্চলৰ আই-মাতৃ সকলেওঁ লৈছে দিহানামৰ প্ৰশিক্ষণ, সাংবাদিকৰ দলটিৰ আগত আই-মাতৃ সকলেও সুন্দৰকৈ পৰিৱেশন কৰি দেখুৱালে দিহানাম। এতিয়া যেন বৃহত্তৰ অঞ্চলটোৱেই এই পবিত্ৰ ভাদমাহত নামৰ ভক্তি ৰসত বুৰ গৈ পৰিণত হৈছে দ্বিতীয় বৈকুন্ঠ পুৰিলৈ।

