বৃদ্ধি পাইছে গৰমৰ তাপমাত্ৰা। আজিৰ পৰাই খালী পেটত তিয়াই ৰখা কিচমিচ খাবলৈ আৰম্ভ কৰক। গৰমৰ দিনত আমাৰ মুখত পিম্পলৰ পৰা আৰম্ভ কৰি বহু সমস্যা হয়। যদি এই মুখৰ বিভিন্ন সমস্যাৰ পৰা মুক্তি পাব বিচাৰে, তেন্তে খালী পেটত এই ফল খোৱাৰ আৰম্ভ কৰক। প্ৰতিদিনে পুৱা খালী পেটত তিয়াই থোৱা কিচমিচ খালে ছালৰ লগত জড়িত সকলো সমস্যা নিৰাময় হয়। কেৱল এয়াই নহয়, যদি আপুনি খালী পেটত তিয়াই থোৱা কিচমিচৰ পানী খায়, তেন্তে ই আচৰিত উপকাৰ দিয়ে। কিচমিচ খোৱাৰ পদ্ধতি আৰু উপকাৰিতাৰ বিষয়ে জানো আহক-
যদি আপোনাৰ মুখত পিম্পল আৰু দাগ পৰাৰ সমস্যা আছে, তেন্তে প্ৰতিদিনে পুৱা খালী পেটত কিচমিচৰ পানী খাবলৈ আৰম্ভ কৰক। প্ৰতি নিশা শোৱাৰ আগতে ১৫ৰ পৰা ২০টা কিচমিচ ভালদৰে পানীৰে ধুব লাগে। ইয়াৰ পিছত ৰাতিটো পৰিষ্কাৰ পানীত তিয়াই থৈ দিব। ৰাতিপুৱা সাৰ পাই খালী পেটত খাব এই কিচমিচ আৰু পানী। ইয়াৰ ফলত আপোনাৰ মুখলৈ উজ্বলতা আহিব। মাত্ৰ ১০ৰ পৰা ১৫টা কিচমিচ ৰাতিটো তিয়াই থ’ব লাগিব। ৰাতিপুৱা সাৰ পাই খালী পেটত খাব। ইয়াৰ লগে লগে কেইদিনমানৰ পিছত আপোনাৰ ছালখন ধুনীয়া দেখাবলৈ আৰম্ভ কৰিব।

