Breaking

গ্ৰীষ্ম প্ৰবাহত স্থবিৰ ৰাজ্যৰ জনজীৱন, স্বাভাৱিকতকৈ ৮.৪ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত ওপৰত আছে তাপমাত্ৰা…

0 69

দেশৰ কেবাখনো ৰাজ্যত চলি থকা হোৱা গ্ৰীষ্মপ্ৰবাহ যেন এইবাৰ অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্য কেইখনত আৰম্ভ হৈছে। কেইবাদিনো ধৰি অসমত হঠাতে আৰম্ভ হোৱা গৰমক বহুতে উত্তৰ ভাৰতৰ দৰে গ্ৰীষ্মপ্ৰবাহ আৰম্ভ হোৱা বুলি আশংকা ব্যক্ত কৰিছে। কিয়নো ৰাজস্থান, পাঞ্জাব, হাৰিয়ানাকে ধৰি উত্তৰ ভাৰতত বহু অঞ্চলত সৰ্বাধিক তাপমাত্ৰা ৪৮ ডিগ্ৰী চেলচিয়াছলৈকে বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। ইফালে ৰাজ্যখনত দৈনিক পাৰাস্তম্ভ বৃদ্ধি পোৱাৰ ফলত এক প্ৰকাৰ স্থবিৰ হৈ পৰিছে জনজীৱন। জুন, জুলাই মাহৰ দৰে গৰম অনুভূত হোৱাত ৰাইজক বাৰুকৈয়ে জ্বলাকলা খুওৱা পৰিলক্ষিত হৈছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৃহস্পতিবাৰে সন্ধিয়া সদৰি কৰা অনুসৰি মতে সাধাৰণতে মে মাহৰ এই সময়ত অসমৰ বেছিভাগ অঞ্চলতে স্বাভাৱিক তাপমাত্ৰা সৰ্বাধিক ২৯ ৰ পৰা ৩২ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকিব লাগে।

কিন্তু ৰাজ্যখনৰ বেছিভাগ অঞ্চলতে কেইবাদিনো ধৰি বৰষুণ নোহোৱাত তাপমাত্ৰা অস্বাভাৱিকভাবে বৃদ্ধি পাইছে। উদ্বেগজনক ভাবে তাপমাত্ৰা স্বাভাৱিকতকৈ বেছিভাগ অঞ্চলতে তাপমাত্ৰা ৬ ৰ পৰা ৮.৪ ডিগ্ৰী চেলচিয়াছৰো অধিক হোৱাত ৰাইজে অস্বাভাৱিক গৰমৰ সৈতে মোকাবিলা কৰিব লগা হৈছে। ফলত ব্যাহত হৈছে স্বাভাৱিক জনজীৱন। আনকি বহুতে গৰমৰ প্ৰকোপত অতিষ্ঠ হৈ অহা জুন, জুলাই, আগষ্ট মাহৰ দৰে অতি গৰম পৰা মাহত কি পৰিস্থিতিৰ উদ্ভৱ হব পাৰে তাক লৈ চিন্তিত হৈ পৰিছে। আনহাতে কালি দিনটোত ৰাজ্যখনৰ ভিতৰতে সর্বাধিক তাপমান আছিল ৰাজ্যৰ সাংস্কৃতিক নগৰী হিচাপে খ্যাত তেজপুৰ । তেজপুৰত দুপৰীয়াৰ ভাগত তাপমান বৃদ্ধি পাই হৈছিলগৈ ৩৯.৫ ডিগ্ৰী চেলছিয়াছ। যিটো স্বাভাবিকতকৈ ৮.৪ ডিগ্ৰী চেলচিয়াছ অধিক আছিল। আনকি শিলচৰ চহৰত আজি স্বাভাৱিকতকৈ ৭.২ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি হৈ সৰ্বাধিক তাপমাত্ৰা আছিল ৩৯.২ ডিগ্ৰী চেলচিয়াছ। বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সকলৰ মতে অসমত বায়ুত জলীয় বাষ্পৰ পৰিমাণ বহুত বেছি পৰিমাণে থাকে, সেয়েহে তাপমান ৩৯ ডিগ্রী চেলছিয়াছ হলেও ইয়াৰ অনুভৱ উত্তৰ ভাৰতৰ ৰাজ্য সমূহৰ দৰে ৪৫-৪৭ ডিগ্রী চেলছিয়াছৰ দৰে হয়গৈ। এনে পৰিস্থিতিত হিট ষ্টক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । মন কৰিব লগীয়া কথা যে প্ৰকৃতিৰ ওপৰত হোৱা ধ্বংসলীলাৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিগত বৰ্ষৰ তুলনাত এইবাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠিছে। কেৱল গুৱাহাটী বা অসমেই নহয়, উত্তৰ-পূবৰ স্কটলেণ্ড খ্যাত শীতল ঠাই শ্বিলঙতো পূৰ্বৰ তুলনাত গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে। আনহাতে আজিৰ দিনটোত ৰাজ্যৰ কেবাখনো চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনে ধৰণৰ – ডিব্ৰুগড়ত ৩৭.৯ ডিগ্রী চেলছিয়াছ, যোৰহাটত ৩৭.২ ডিগ্ৰী চেলছিয়াছ , উত্তৰ লখিমপুৰত ৩৮.২ ডিগ্ৰী চেলছিয়াছ, ধুবুৰীত ৩৭.০ ডিগ্ৰী চেলচিয়াছ আছিল। একাংশ পৰিৱেশবিদে সদৰি কৰা অনুসৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই সন্দৰ্ভত শেহতীয়াকৈ কেইবাখনো প্রতিবেদন প্রকাশ কৰিছে। য’ত গ্লবেল ৱামিং বা গোলকীয় উত্তাপৰ বাবেই পৰিস্থিতি অৱনতি ঘটা বুলি প্ৰকাশ পাইছে।

এনে পৰিস্থিতিৰ বাবে অনাগত দিনতো কেতিয়াবা অধিক বৰষুণ হ’ব, কেতিয়াবা খৰাং হ’ব, আন কেতিয়াবা আকৌ ধুমুহা আহি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব। একেদৰে গৰম বৃদ্ধি বা শীত কালো হ্রাস পাব পাৰে। আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ২৭ মে’ৰ পাছত অসমৰ কেতবোৰ অঞ্চলত গাজনী , ঢেৰেকনি ,ধুমুহাৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৃষ্টিপাত হব পাৰে বুলি আগজাননী দিছে। অৱশ্যে বৰষুণ আহিলে বৰ্তমানতকৈ তাপমাত্ৰা কিছু হ্ৰাস পাব বুলি সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অৰ্থাৎ বৰষুণ নহালৈ ৰাইজে গৰমৰ সৈতে সহাবস্থান কৰাৰ বাহিৰে আন কোনো বিকল্প পথ নাই বুলিয়ে সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

Leave A Reply