ধুবুৰী জিলাৰ দক্ষিণপাৰত প্রতি বছৰে বিভিন্ন ঠাই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি হাজাৰ হাজাৰ লোকৰ মাটি, ভেটি সা-সম্পত্তি হেৰুৱাবলগীয়া হৈছে। যেতিয়া বানপানীৰ হয় যেতিয়াই মানুহবোৰে কত যাব কি কৰিব সেই লৈ হাবাথুৰি খাবলগীয়া হয়। অৱশেষত মাথাউৰীত গৰু ছাগলী লৈ কোনো মতে আশ্রয় লৈ জীৱন কটাবলগীয়া হয়। উল্লেখ যে কিছুদিন পূৰ্বে ডাকুৰ ভিটাৰ পৰা শোনাপাৰা বজাৰলৈ যোৱা যি মাথাউৰি নিৰ্মান কৰিছিল। উক্ত মাথাউৰিৰ কাম শেষ নহওঁতেই আজি ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্রম হৈছে। ইতিমধ্যে মাথাউৰিৰ আধা মাটি ব্ৰহ্মপুত্ৰত গৰাখহনীয়াৰ কবলত জাহ গৈছে। বৰ্তমানে উক্ত মাথাউৰিটো এনেকুৱা ভয়ংকৰ ৰূপত আছে যে বানপানীৰ সময়ত যিকোনো মুহূৰ্ততে ছিঙি মানুহৰ জীৱনলৈ আমানিশা নমাই আনিব পাৰে। অকল এয়াই নহয় উক্ত মাথাউৰীটো ছিঙি গলে ফকীৰগঞ্জ শোনাপাৰা বজাৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ কবলত পৰি সম্পূৰ্ন জাহ যোৱাৰ পূৰ্ণ সম্বৱনা আছে। সেয়েহে অতি সোনকালেই সময় থাকোতে ইয়াৰ বিকল্প হিচাপে ৰিং বান্ধ নিৰ্মান কৰি দিয়াৰ বাবে সচেতন মহলে চৰকাৰ তথা নৱ নিৰ্বাচিত বিধায়ক আৰু ধুবুৰীৰ সাংসদক বিনম্ৰ অনুৰোধ জনাইছে।

