বাক্সাত প্ৰকৃতিৰ ভয়ংকৰ ৰূপ; ঐতিহ্যমণ্ডিত মইনাপুখুৰী ভূঁইচম্পা দেৱী মন্দিৰ বিধৰস্তৰ দিশে

বাক্সাত ৰুষ্ট প্ৰকৃতি৷ ভূমিস্খলনত বিধ্বস্ত পৰ্যটনস্থলী মইনাপুখুৰী ভূঁইচম্পা মন্দিৰ৷ বিগত কিছুদিন ধৰি চলি থকা বৰষুণে চাৰিওফালে বানপানীৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ আৰম্ভ হৈছে ভূমিস্খলনৰ ৷ জিলাখনৰ ভাৰত- ভূটান সীমান্তৰ ভূটানখুটিত থকা পৰ্যটনস্থলীতো কালিৰে পৰা সৃষ্টি হোৱা ভূমিস্খলনত বিধ্বস্ত হৈ পৰিছে ভূঁইচম্পা দেৱীৰ মন্দিৰ ৷ উল্লেখ্য যে পাহাৰৰ এটি টিলাত অৱস্থিত এই মন্দিৰটো ৰাজ্যখনৰ এক পৰ্যটনস্থলী হিচাপে গঢ়ি উঠিছিল ৷ ৰাজ্যৰ পৰ্যটন বিভাগেও মইনাপুখুৰীক এক পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ আঁচনি গ্ৰহন কৰিছিল ৷ ৰাজ্যখনৰ লগতে বহি: ৰাজ্যৰ পৰাও বিভিন্ন ভক্তৰ সমাগম ঘটিছিল এই স্থানত ৷

পিচে বৰষুণৰ ফলত সৃষ্টি হোৱা বৰষুণৰ ফলত মইনাপুখুৰীৰ ভূইচম্পা দেৱীৰ নৱ নিৰ্মিত মন্দিৰটো পশ্চিম দিশে হালি যোৱাৰ লগতে তালৈ যোৱা পথটোও বিধ্বস্ত হয়৷

Related Articles