দেৰগাঁৱত চোৰৰ সন্ত্ৰাস…

দেৰগাঁৱত চোৰৰ সন্ত্ৰাস। দেৰগাঁৱৰ লাহতি চাৰিআলিৰ এখন বেকাৰী দোকানত দুস্কৃতিকাৰীয়ে নিশা প্ৰায় ১০.৪৫ মান বজাত এখন নতুনকৈ আৰম্ভ কৰা বিপনিৰ বহুতো ক্ষতি সাধন কৰাৰ লগতে সন্মুখৰ চি চি কেমেৰাও ভাঙি পেলাই।
বিপনি খনৰ স্বত্বাধিকাৰৰ অভিযোগ মতে দুস্কৃতিকাৰীৰ সম্পূৰ্ণ মুখমণ্ডল চি চি কেমেৰাৰ ফুটেজত স্পষ্ট হৈ উঠা নাই।

বিপনিখনৰ স্বত্বাধিকাৰ নৱন্যাশ কৌশিকৰ মতে তেওঁ স্থানীয় কাশ্যপ নন্দন কলিতা আৰু তেওঁৰ বিৰুদ্ধে দেৰগাঁও আৰক্ষী থানাত এখন এজেহাৰ দাখিল কৰে। দেৰগাঁৱবাসী ৰাইজে এই কাৰ্য্যক তীব্ৰ নিন্দাৰ লগতে দেৰগাঁও আৰক্ষীক এই ক্ষেত্ৰত সক্ৰিয় হবলৈ আহ্বান জনাই।


Related Articles