চোৰেও দেখুৱালে মহানুভৱতা; নলবাৰীৰ ঐতিহাসিক গণেশ দেৱালয়ৰ চুৰি হোৱা বিগ্ৰহ-অলংকাৰ থৈ গ’ল চোৰে

নলবাৰী জিলাৰ বৰনৰ্দ্দীস্থিত ঐতিহাসিক গণেশ দেৱালয়ত চুৰি হোৱা মূল বিগ্ৰহ আৰু অলংকাৰ পুনৰ থৈ গ’ল চোৰে। বুধবাৰে পুৱাই মন্দিৰৰ চোতালত গণেশৰ বিগ্ৰহ আৰু আ- অলংকাৰ দেখি উৎফুল্লিত হৈ পৰে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ৷

উল্লেখ্য, ৭ অক্টোবৰত ৰজাদিনীয়া দেৱালয়খনৰ গণেশ মন্দিৰৰ পৰা চুৰি হৈছিল মূল বিগ্ৰহ আৰু বহু মূল্যৱান আ-অলংকাৰ৷ লক্ষ্যণীয় ভাবে পুৱাই মন্দিৰৰ চোতালতে বিগ্ৰহ আৰু অলংকাৰ দেখি উৎফুল্লিত হৈ ডবা, শংখ, বজাই আনন্দ কৰে অঞ্চলটোৰ ৰাইজে৷

দেৱালয় খনত হোৱা উক্ত চুৰি ঘটনাৰ পিছত সমিতিয়ে বেলশৰ আৰক্ষীত এজাহাৰ দাখিলৰ পিছতো আৰক্ষীয়ে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল চুৰি হোৱা বিগ্ৰহ আৰু অলংকাৰৰ লগতে চুৰি কাণ্ডত জড়িত থকা চোৰৰ৷


ইপিনে উক্ত দেৱালয়ৰ কিছু নাতিদূৰৰ বাঁহজানীৰ সীমামূৰীযা সতীৰকুৰ গোপাল মন্দিৰতো একেদিনাই চুৰি কাৰ্য সংঘটিত হৈছিল। চোৰে মন্দিৰটোৰ দান পাত্ৰৰ পৰা নগদ‌ধন চুৰি কৰি নিছিল। কিন্তু ইয়াৰ কোনো সম্ভেদ আজিলৈকে নোলাল।

Related Articles