Breaking

ধুবুৰী জিলা সমিতিৰ উদ্যোগত দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ তৃতীয় দ্বি বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন

0 2,045

পশ্চিম অসমৰ ভুমিপুত্ৰ দেশী মুছলমান সকলৰ একমাত্ৰ জাতীয় সংগঠন”দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ”তৃতীয় দ্বি বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন খন ১৩/১৪ ফেব্ৰুৱাৰীত বৰ্নাঢ্য কাৰ্যসূচীৰে ধুবুৰী জিলাৰ কাছাৰী হাটৰ দুই দিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়।জন্মলগ্ননে পৰা অসমৰ দেশী সকলৰ অস্তিত্ব ৰক্ষা আৰু পৰিচয় সংকট দুৰ কৰাৰ লগতে বৌদ্ধিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক বিকাশৰ উদ্দেশ্যে নিৰৱিচ্ছিন্ন ভাৱে গণতান্ত্ৰিক সংগ্ৰাম চলাই আহিছে দেশী জনগোষ্ঠীয় মঞ্চই।দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ কেন্দ্ৰীয় তৃতীয় দ্বি বাৰ্ষিক অধিৱেশন উপলক্ষে ১৪ ফেব্ৰুৱাৰী ২০২১ তাৰিখে আবেলি দুইবজাত কাছাৰীহাটৰ প্যাৰীমোহন ক্ষেত্ৰত মঞ্চৰ সভাপতি শ্বেখ হেদায়েতুল্লাৰ সভাপ্তিত্বত  এখন বিশাল জনসভা অনুষ্ঠিত হয়। ১৩ তাৰিখে ৰাতিপুৱা পতাকা উত্তোলনৰে আৰম্ভ হোৱা অধিৱেশনৰ প্ৰথম দিনা আলোচনাচক্ৰ, গ্ৰন্থ উন্মোচন আৰু শিল্পী সাহিত্যিকক সম্বৰ্ধনা জনোৱা অনুষ্ঠান অনুষ্ঠিত হয়। ৰাতি প্ৰতিনিধি সভাই সৰ্ব সন্মতিক্ৰমে বিনা প্ৰতিদ্বন্দিতাৰে পুনৰ বাৰ দেশীৰ অবিসম্বাদী নেতা হিচাবে শ্বেখ হেদায়েতুল্লাকেই নিৰ্বাচিত কৰে আৰু সাধৰন সম্পাদক হিচাপে সহিদুল ইছলামক বাচনি কৰে। মুকলি সভাত উপস্থিত থাকি বলিষ্ঠ বক্ত্বৱ্য ৰাখে প্ৰাক্তন বিধায়ক মইনুদ্দিন আহমেদ,সংখ্যালঘু সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ ছৈয়দ মুমিনুল আওৱাল আৰু গমদেঅজাপৰ সভাপতি হাফিজুল আহমেদে। সভাত সভাপতিৰ আবেগিক ভাষনত সকলো মানুহে আবেগিক হৈ পৰে আৰু চকুলো টোকে। ৭ হেজাৰৰো অধিক মানুহ সমবেত হোৱা সভাই দেশী জনগোষ্ঠীৰ মানুহৰ জাগৰণ হোৱাৰ আগজাননী বুলি বহুতে মতপোষণ কৰিছে। ৰাতিৰ সাংস্কৃতিক অনুষ্ঠানে দৰ্শক ৰাইজক মোহিত কৰে।প্ৰেৰক: দক্ষিণ কামৰূপ বকোৰপৰা ডেভিদ

Leave A Reply