Breaking

ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত চিনেমাৰ যাত্ৰা: কাহিনী আৰু বাৰ্তালাপেৰে মুখৰিত তৃতীয় দিন

0 34

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত চলি থকা ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ প্ৰতিটো দিনেই দৰ্শকৰ হৃদয়ত জগাই তুলিবলৈ সক্ষম হৈছে মিঠা অনুৰণ। শনিবাৰেও চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থকা অভূতপূৰ্ব দৰ্শকৰ সন্মুখত উপস্থাপন কৰা হয় চাৰিখন বোলছবি, দুখন তথ্যচিত্ৰ আৰু দুখন চুটি ছবি।

কালজয়ী বৈচিত্ৰ্য দৰ্শন শিতানৰ পৰা পৰিচালক সত্যজিত ৰায়ৰ বাংলা বোলছবি ‘জয় বাবা ফেলুনাথ’ প্ৰদৰ্শন কৰা হয়। প্ৰখ্যাত ছবি পৰিচালক ৰায়ৰ এই কালজয়ী ছবিখনত বৰ্ণনা কৰা হৈছে সম্পৰ্কীয় ভাতৃ আৰু বন্ধুৰ সৈতে এক ৰহস্যঘন অনুসন্ধানৰ যাত্ৰাত নামি পৰা এগৰাকী গুপ্তচৰৰ কাহিনী।

পৰৱৰ্তী সময়ত প্ৰতিযোগিতা শাখাৰ পৰা পৰিচালক শিৱধ্বজ ছেট্টীৰ তুলু বোলছবি ‘কোৰম্মা’ প্ৰদৰ্শিত হয়। আশীৰ দশকৰ পৰিৱেশত নিৰ্মিত এই ছবিখনে সামাজিক বাধা নেওচা এগৰাকী ‘অস্পৃশ্য’ৰ কাহিনী লাইট-কেমেৰা-একশ্যনৰ জৰিয়তে দৰ্শকৰ সন্মুখত তুলি ধৰিছে।

বিয়লি অসমীয়া কথাছবি ‘ওজা- দ্য ৰিদম অৱ লাইভ’ৰ ইণ্ডিয়া-প্ৰিমিয়াৰ প্ৰদৰ্শন কৰা হয়। পৰিচালক প্ৰণৱ জ্যোতি শৰ্মাৰ এই ছবিখন নিৰ্মাণ কৰা হৈছে উজনি অসমৰ লোকশিল্প ওজাক লৈ। স্থানীয় সংগীত আৰু গাঁৱৰ পটভূমিৰ আধাৰত নিৰ্মিত “ওজা- দ্য ৰিদম অৱ লাইফ”ত স্থানীয় লোকশিল্পী ৰন্তেশ্বৰ ওজাৰ অকথিত কাহিনী কাহিনীৰ জৰিয়তে তুলি ধৰা হৈছে।

ইফালে দিনটোৰ সামৰণি পৰে মনোজ শিণ্ডেৰ মনোৰঞ্জনধৰ্মী মাৰাঠী বোলছবি ‘বল্লী’ৰ প্ৰদৰ্শনৰ জৰিয়তে।

সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত শনিবাৰৰ দিনটোত প্ৰদৰ্শন কৰা হয় ক্ৰমে পৰিচালক ঋত্বিকা চৌহানৰ ‘পেহলা চাইকেল’ আৰু পৰিচালক প্ৰতীক মৈত্ৰাৰ ‘হাইম্‌চ ফ্ৰম দা ফৰেষ্ট’শীৰ্ষত চুটি ছবি দুখন।

একেদিনাই উপস্থাপন কৰা হয় পৰিচালক উৎপল বৰপূজাৰীৰ তথ্যচিত্ৰ ‘মাস্ক আৰ্ট অৱ মাজুলী’ৰো। নদীদ্বীপ মাজুলীৰ ৫০০ বছৰীয়া ইতিহাসসমৃদ্ধ মুখাশিল্প পৰম্পৰাক এই তথ্য চিত্ৰখনৰ জৰিয়তে দাঙি ধৰা হৈছে। এই তথ্যচিত্ৰখনৰ জৰিয়তে অসমৰ বৈষ্ণৱ হিন্দু সংস্কৃতি আৰু হেৰাই যোৱাৰ উপক্ৰম ঘটা অসমৰ প্ৰাচীন শিল্পকলাক নৱপ্ৰজন্মৰ মাজত পুনৰ এবাৰ তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে।

আনহাতে পৰিচালক ববিতা শৰ্মাৰ ‘জ্ঞানদা: ৰিফ্লেকশ্যন অৱ লাইট এণ্ড শ্বেড্‌’ নামৰ তথ্যচিত্ৰখনো প্ৰতিযোগিতা শাখাৰ পৰা প্ৰদৰ্শন কৰা হয়। সুপৰিচিত অভিনেত্ৰী জ্ঞানদা কাকতিৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা এই তথ্যচিত্ৰখনত অভিনেত্ৰীগৰাকীৰ অভিনয় কেৰিয়াৰৰ ঘাট-প্ৰতিঘাটসমূহ তুলি ধৰা হৈছে। উল্লেখ্য যে, ১৯৩৫ চনত জন্মগ্ৰহণ কৰা জ্ঞানদা কাকতিয়ে অসমীয়া ছবিজগতৰ সপ্তমখন ছবি ১৯৪৯ চনত মুক্তিলাভ কাৰা ‘পাৰঘাট’ছবিৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল।

বি ভি এফ এফৰ তৃতীয় দিনটোত আয়োজন কৰা হয় ‘অসমীয়া চিনেমা আৰু ইয়াৰ বাণিজ্যিক সম্ভাৱনা’ বিষয়ক এক বাৰ্তালাপ অনুষ্ঠানৰো। ছবি পৰিচালক উৎপল বৰপূজাৰী, অভিনেতা যতীন বৰা, বৰষা ৰাণী বিষয়া, মঞ্জুল বৰুৱা আৰু শ্যাম বৰাই পেনেলিষ্ট হিচাপে অংশগ্ৰহণ কৰা এই অনুষ্ঠানটো পৰিচালনা কৰে নন্দিনী শৰ্মাই।

ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ (বিভিএফএফ) তৃতীয় দিনাৰ আন এক উল্লেখযোগ্য অনুষ্ঠান আছিল ‘মাষ্টাৰিং দ্য ইভলভিং লেণ্ডস্কেপ অৱ ৱেব ছিৰিজ’ বিষয়ক আলোচনাচক্ৰ। এই আলোচনাত পৰিচালক, লেখক আৰু প্ৰযোজক কৃষ্ণ ডি কে আৰু পৰিচালক, ঔপন্যাসিক আৰু লেখক সুমন কুমাৰ উপস্থিত থাকে। বি ভি এফ এফৰ জ্যেষ্ঠ সাংবাদিক তথা প্ৰচাৰ সঞ্চালক কৰ্ম পালজৰে আঁত ধৰা এই মননশীল অনুষ্ঠানত বৰ্তমানৰ চিনেমা জগতখনত ৱেব ছিৰিজ নিৰ্মাণৰ জটিলতাসমূহৰ বিষয়ে আলোচনা কৰা হয়।

১৭ ডিচেম্বৰ, অৰ্থাৎ মহোৎসৱৰ সামৰণিৰ দিনটো আৰু অধিক আকৰ্ষণীয় কৰি তোলাৰ পৰিকল্পনা কৰা হৈছে। ১৭ ডিচেম্বৰ, দেওবাৰে পুৱা ১১ বজাৰ পৰা কেইবাখনো মনোগ্ৰাহী ছবিৰ প্ৰদৰ্শন আৰম্ভ হ’ব আৰু সন্ধিয়া ঠিক ৫:১৫ বজাৰ লগে লগে অনুষ্ঠিত হ’ব বঁটা বিতৰণী অনুষ্ঠান।

Leave A Reply