Breaking

কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…

0 14

কাইলৈ ভাগ্য নিৰ্ণয় হ’ব বহু ৰথী-মহাৰথীৰ। গুজৰাটৰ গান্ধীনগৰৰ পৰা অমিত শ্বাহ, MPৰ ৰাজগড়ৰ পৰা দিগ্বিজয় সিং, মধ্যপ্ৰদেশৰ গুনাৰ পৰা জ্যোতিৰাদিত্য সিন্ধিয়া, মহাৰাষ্ট্ৰৰ বাৰামতীৰ পৰা সুপ্ৰিয়া ছুলে, উত্তৰপ্ৰদেশৰ মইনপুৰীৰ ডিম্পল যাদৱ অৱতীৰ্ণ।

MPৰ ৱিদিশাৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ প্ৰতিদ্বন্দ্বিতা। দেশৰ ১৩ ৰাজ্যৰ ৯৪ সমষ্টিত হ’ব ভোটগ্ৰহণ। দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

মুঠ ১৩৫২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত। অসমৰ ৪০টা বিধানসভা সমষ্টি আগুৰি থকা ৪টা লোকসভা সমষ্টিত অনুষ্ঠিত হব লগা এই নিৰ্বাচনত ৪৭গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব।

Leave A Reply