Breaking

ঘাই পথ অৱৰোধেৰে শিৱসাগৰ কপাঁলে আছুৱে-ঘাইপথ প্ৰাধীকৰণৰ শীৰ্ষ বিষয়াৰ লিখিত প্ৰতিশ্ৰুতি নোপোৱালৈকে অৱৰোধ অব্যাহত ৰখাৰ হুংকাৰ

0 1,082

উত্তৰ পূৱৰ পথ যোগাযোগত যুগান্তকাৰী পৰিৱৰ্তনৰ নামত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক চাৰি লেনযুক্ত পথলৈ ৰূপান্তৰিত কৰাৰ নামত অভাৱনীয় অনিয়ম, দুৰ্নীতিৰে ঘাইপথক চাৰিলেনৰ পৰিৱৰ্তে নৰক সদৃৰ্শ পথলৈ ৰূপান্তৰিত কৰা কাৰ্য্যৰ বিৰুদ্ধে আজি শিৱসাগৰ উত্তাল কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে৷নিৰ্মাণৰ পূৰ্বেই ভূমি অধিগ্ৰহণৰ নামত তিনিশ কোটি টকীয়া অভিলেখ সংখ্যক কেলেংকাৰীয়ে সংবাদ শিৰোনামা দখল কৰি অহা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ পৃষ্ঠপোষকতাত ঠিকাদাৰী প্ৰতিস্থানে নিৰ্মাণৰ নামত ভয়ংকৰ অনিয়ম, লেহেমীয়া, নিম্ন মানদণ্ডৰ কামেৰে সাধাৰণ ৰাইজক যমৰ যন্ত্ৰণা দিয়াৰ বিৰুদ্ধে আজি শিৱসাগৰ উত্তাল কৰিলে আছুৱে।আজি দিনৰ ১১ বজাৰ পৰা সহস্ৰাধীক আছু কৰ্মীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দৰিকাপাৰত ঘাইপথ অৱৰোধেৰে ঘাইপথৰ যাতায়ত সম্পূৰ্ণ স্থৱিৰ কৰি তোলে।জৰুৰী সেৱাৰ বাদে সকলো যাতায়ত সম্পূৰ্ণৰূপে স্থৱিৰ কৰি তোলা এই প্ৰতিবাদী কাৰ্য্যসূচীত জিলা খনৰ প্ৰতিখন আঞ্চলিকৰ পৰাই শ শ আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে।পূৰ্বতে একে জলন্ত সমস্যাক লৈ কেইবাবাৰো প্ৰতিবাদ সাব্যস্ত কৰা আছুক বাৰে বাৰে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধীকৰণে প্ৰতিশ্ৰুতিৰ নামত আভূৱা ভাৰি অহাৰ অভিযোগ উত্থাপন কৰিছে ৷যাৰ পৰিপ্ৰেক্ষিত্বত সাধাৰণ ৰাইজৰ সুচল-নিৰাপদ যাতায়তৰ প্ৰতি লক্ষ্য ৰাখি জোৰদাৰ অৱৰোধ কাৰ্য সূচীৰ দ্বাৰা ঘাইপথ প্ৰাধীকৰণৰ পৰা লিখিত প্ৰতিশ্ৰুতি দাবী কৰিছে।

উল্লেখ্য যে শিৱসাগৰ জিলাৰ ডিমৌৰ পৰা জাঁজী পৰ্য্যন্ত ৰাষ্ট্ৰীয় ঘাই পথ ছোৱাৰ অৱস্থা ইমানেই ভয়াৱহ হৈ পৰিছে যে, সাধাৰণ ৰাইজে শিৱসাগৰৰ দিশৰ পৰা যোৰহাটৰ দিশলৈ যাবলৈ হলে ৰাষ্ট্ৰীয় ঘাইপথটোৰ পৰিৱৰ্তে জয়সাগৰ নামতি, চামগুৰি, আমগুৰি টাউন হৈ যাৱ লগীয়া পৰস্থিতিৰ উদ্ভৱ হৈছে ৷এক মাত্ৰ ৰাষ্ট্ৰীয় ঘাই পথছোৱাৰ এই অৱৰ্ণনীয় অৱস্থাৰ বাবেই নিতৌ দুৰ্ঘটনাত মৃত্যু হৈছে নিৰীহৰ ৷তেনেস্থলত আছুৰ এই জোৰদাৰ প্ৰতিবাদী কাৰ্য্যসুচীয়ে ঘাই পথ প্ৰাধীকৰণক কেনেদৰে পথ নিৰ্মাণ আৰু জৰাজীৰ্ণ অংশ মেৰামতিৰ বাবে বাধ্য কৰাই সেইয়া হব লক্ষণীয়।উল্লেখ কৰাৰ দৰকাৰ যে জাঁজীৰ পৰা ডিমোলৈকে ৪৪ কিলোমিটাৰ এই পথ নিৰ্মাণৰ বাবে প্ৰথমে এন এইচ আই ডি চি এলে গেনন ডাংকাৰলী কোম্পানী লিমিটেড নামৰ এক কোম্পানীক ঠিকা প্ৰদান কৰিছিল।উক্ত কোম্পানীয়ে ভিএছডি ইনফ্ৰাকন এল এল পি নামৰ আন এক প্ৰতিষ্ঠানক উপ ঠিকা প্ৰদান কৰিছিল যদিও এন এইচ আই ডি চি এলৰ সহযোগত এই প্ৰতিষ্ঠানে এক ব্যাপক লুণ্ঠন কৰি পলায়ন কৰে।তেতিয়াৰ পৰা ৪৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথচোৱা নিৰ্মাণ নোহোৱাকৈ বিধ্বস্ত অৱস্থাত পৰি আছে।

Leave A Reply