শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰত কুমাৰপাৰাত অনুষ্ঠিত পালনাম মহোৎসৱ ! অনুষ্ঠানত সাংবাদিক, লেখক কমল কুমাৰলৈ আগবঢ়োৱা হয় সমন্বয় বঁটা…

শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰ (নামঘৰ), কুমাৰপাৰাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত পালনাম মহোৎসৱ

অনুষ্ঠানত সাংবাদিক, লেখক কমল কুমাৰলৈ আগবঢ়োৱা হয় সমন্বয় বঁটা

৬৫ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে মহানগৰীৰ কুমাৰপাৰাস্থিত শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰ (নামঘৰ)ত এই নাম সমাৰোহ অনুষ্ঠিত হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি উন্মোচন কৰা হয় স্মৃতিগ্ৰন্থ পাঞ্চজন্য। থানেশ্বৰ মালাকৰ অনুষ্ঠানৰ সভাপতিৰ আসন অলংকৃত কৰা উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম তথ্য আয়োগৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ উপাধ্যক্ষ মুকুতা ডেকা, বকোৰৰ আউনীহাটী সত্ৰৰ সত্ৰাধিকাৰ থানেশ্বৰ দাস অধিকাৰী।

শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ মুখ্য সেৱক সনাতন দাস বাপে পৰিচালনা কৰা উক্ত অনুষ্ঠানত বিগত দুটা দশক ধৰি সামাজিক ক্ষেত্ৰত বিশেষভাৱে বৰঙণি আগবঢ়াই অহাৰ উপৰিও সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰত নৱপ্ৰজন্মক উদ্বুদ্ধ কৰি একক আৰু অনন্য দৃষ্টান্ত আগবঢ়োৱাৰ বাবে কমল কুমাৰলৈ আগবঢ়ায় সমন্বয় বঁটা,লগতে সমাজসেৱক সুৰেন্দ্ৰ কুমাৰ গোৱেললৈ মণিকাঞ্চন বঁটা আৰু সমাজসেৱিকা কণিকা পাঠকলৈ আগবঢ়ায় সতী ৰাধিকা বঁটা।

পুৱা উষা কীৰ্তনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত নিত্য প্ৰসংগ, পৰিৱেশ নিকাকৰণ, বৃক্ষৰোপণ, ধৰ্মধ্বজা উত্তোলন, সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰা হয়। শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰ, সেৱাশ্ৰম নিৰ্মাণৰ ক্ষেত্ৰত আৰ্থিক অনুদান আৰু সহযোগিতা আগবঢ়োৱা ৪৯ গৰাকী ব্যক্তিলৈ বিশেষ সম্বৰ্ধনা আগবঢ়োৱাৰ উপৰিও অসমৰ ভিন্ন স্থানৰ পৰা আহি পালনামত অংশগ্ৰহণ কৰা ২৫ টা নামতি দলক সম্বৰ্ধনা জনায়। তিনিদিনীয়া কাৰ্যসূচীৰে বৰ্ণাধ্যভাৱে আয়োজিত হোৱা পালনাম মহোৎসৱৰ কাৰ্যসূচীত পৰিচালনা সমিতিৰ সভাপতি ব্ৰজেন মেধি, সম্পাদিকা গীতিমা ডেকা, ১৪নং ৱাৰ্ডৰ পাৰিষদ মঞ্জু বৰা, সাংবাদিক ডিম্পী ভৰালীৰ লগতে বৃহত্তৰ কুমাৰপাৰা অঞ্চলটোৰ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে।

Related Articles