জিভাই ক’ব আপোনাৰ ৰোগৰ কথা! ডাক্তৰৰ ওচৰলৈ গ’লে প্ৰথমে জিভাৰ পৰীক্ষা কিয় কৰে…

ডাক্তৰে প্ৰথমে ৰোগীৰ জিভাখন চাই। কাৰণ, শৰীৰত কিবা অস্বাভাৱিক ঘটনা ঘটিলে তাৰ কিছু লক্ষণ জিভাত দেখা দিয়ে। খাদ্যৰ সোৱাদ বুজিব নোৱাৰা, জিভা শুকান একেবাৰেই স্বাভাৱিক নহয়। তদুপৰি জিভাৰ স্বাভাৱিক ৰঙা-গোলাপী ৰঙৰ পৰিৱৰ্তন চাইও চিকিৎসকে ৰোগৰ লক্ষণসমূহৰ বিষয়ে ক’ব পাৰে-


জিভাৰ কি ৰঙে কি কি ৰোগৰ ইংগিত দিয়ে জানেনেঃ

১) সাধাৰণতে বেক্টেৰিয়া বা ভেঁকুৰৰ আক্ৰমণৰ বাবে জিভাত বগা আৱৰণ পৰে। দাঁত ব্ৰাছ কৰাৰ সময়ত নিয়মিতভাৱে জিভা পৰিষ্কাৰ নকৰিলেও এই সমস্যাৰ সৃষ্টি হয়।

২) জিভাত যদি ষ্ট্ৰবেৰীৰ দৰে ৰঙা কিবা এটা গঢ় লৈ উঠে তেন্তে ই শৰীৰত ভিটামিনৰ অভাৱৰ ইংগিত দিয়ে। শৰীৰত ভিটামিন বিৰ অভাৱ হ’লে এই ধৰণৰ সমস্যা দেখা যায়।

৩) অত্যধিক ধূমপান, কেফেইনযুক্ত পানীয়ৰ ফলত জিভাত ক’লা আৱৰণ হ’ব পাৰে। কিন্তু চিকিৎসকৰ মতে, এন্টিবায়টিকৰ প্ৰভাৱতো জিভা ক’লা পৰিব পাৰে।

৪) হঠাৎ জিভাৰ ৰং নীলা বা বেঙুনীয়া হৈ পৰিলে বুজিব লাগে যে শৰীৰত অক্সিজেনৰ অভাৱ।

৫)জিভাৰ ৰং সম্পূৰ্ণ শেঁতা হৈ গ’লে তেজত আইৰণৰ অভাৱৰ ইংগিত পোৱা যায়।

Related Articles