Breaking

গৰু বিহু আৰু এশ এবিধ শাক খোৱাৰ পৰম্পৰা…

0 33

“মানুহ হে খোৱা শাক-পাচলি কি পাৱ চিঙি আনিবি আৰু কেইবিধ হয় হিচাপটো ৰাখিবি।হিচাপটো কৰি একৈশ,একত্ৰিত,একচল্লিছ,একাৱন্ন তেনেকে কৰি সামৰিবি” কেতিয়াবা একৈশ বিধ, কেতিয়াবা একত্ৰিছবিধ বুটলি গোটাই আনি মাৰ হাতত দিওঁ, মায়ে তাৰ লগতে গৰু চাতৰ পৰা থৈ দিয়া পাচলি খিনি আৰু কেইবাবিধো দাইল একেলগ কৰি ৰাতিলৈ ভাজিখন বনায়, টেষ্ট টো ইমান বেয়া পাওঁ ,নাখাওঁ বুলি কওঁ ….

মায়ে কয়, “খাবলৈ বেয়া হ’লেও খালে ভাল বলেৰে খা’; মা’ৰ ভয়তে উশাটো বন্ধ কৰি গিলি থওঁ।

ডাঙৰ হৈ বুজি পোৱাৰ পিছত মায়ে এদিন গৰু বিহুৰ আবেলি দীঘলীয়া পাঠ দিলে……

আচলতে গৰুৰ বিহুৰ দিনা এশ একবিধ শাক-পাচলি ৰে পিঠা ভজা কেৰাহীখনত পিঠাৰ তেলতে ভাজি বনাই খোৱা এই পৰম্পৰা অতীজৰে পৰা চলি আহিছে, নল মৰি গজালি উঠিছে প্ৰজন্ম ক্ৰমে এই পৰম্পৰা ধৰি ৰখা হৈছে। আগতে আইতাহঁতে এইটো এটা এৰাব নোঁৱাৰা নিয়ম বুলি বান্ধি থৈ গৈছে যদিও আমি ফঁহিয়াই চালে তাত বৈজ্ঞানিক যুক্তি -যুক্ততাও বিচাৰি পাওঁ।

আমি খোৱা এই সকলো সেউজ উদ্ভিদেই ঔষধি গুণ সম্পন্ন, প্ৰতিটো শাক-পাচলি তে বেলেগ বেলেগ ভিটামিন থাকে আৰু আমাৰ শৰীৰৰ অংগ পতংগৰ

বিভিন্ন ধৰনে বিভিন্ন কাম কৰে,যাৰ দ্বাৰা আমি কৰ্ম প্ৰেৰণা লাভ কৰাৰ লগতে শৰীৰত অদম্য শক্তি সাহস পূঞ্জীভূত কৰিব পাৰোঁ আৰু নিজৰ দেহাটো নিৰোগীকৈ ৰাখিবলৈ সক্ষম হওঁ ।

উদাহৰণ স্বৰূপে কেইবিধমান শাকৰ নাম কওঁ শুনচোন…..

মানিমুনি::—–:: বসন্তৰ আগমনৰ প্ৰাকক্ষণত আমাৰ বাৰীৰ জেকা ঠাইত সমূহত গজি উঠা “মানিমুনি” এই মানিমুনি দুবিধ আছে “বৰ মানিমুনি আৰু সৰু মানিমুনি” এই শাক বিধ আমাৰ শৰীৰৰ বাবে অতিকৈ উপকাৰী ঔষধি গুণসম্পন্ন পথ্য।ই আমাৰ শৰীৰৰ পৰিবৰ্ধক আৰু বলকাৰক। তাৰোপৰি স্মৃতি শক্তিৰ কাৰণে অধিক লাভ দায়ক। সৰু ল’ৰা ছোৱালীৰ পেটকামোৰণি বা হাগনি হ’লে মানিমুনি পাতৰ ৰস সেৱনে আৰোগ্য লাভ কৰে। তাৰোপৰি ই চৰ্ম ৰোগৰ কাৰণেও সু-ফল দায়ক।আগতে ককাৰ দৃষ্টি শক্তি কমাৰ সময়ত সৰু মানিমুনি ৰ পাতৰ ৰস পুৱা গধূলি চকুত দিয়া দেখা পাইছিলো। সেয়ে হয়তো ইয়াক খোৱাটো বাধ্যতামূলক কৰি পৰম্পৰাৰ অন্তৰ্গত কৰিছে (যিয়ে মানে) নহ’লে মানুহবোৰে এলাহৰ বশৱৰ্তী হৈ ইমান কষ্ট কৰি ৰান্ধি মেলি ইয়াক নাখাবলৈও আছে।

বনজালুক::—:: ইয়ো ঔষধি গুণসম্পন্ন সু-পথ্য। অকণমানি অকণমানি মিহি পাতেৰে মূল শিপাৰ পৰা বহু খিনি পাহ মেলা এই উদ্ভিদ বিধ সৰু ল’ৰা-ছোৱালীৰ পানী লগা হলে কিছুমান লোকে সেই বেমাৰৰ দৰৱতো ব্যৱহাৰ কৰে আৰু সুফল লাভ কৰে।

দুৰুন শাক::–:: যতে ততে সুলভ এই শাক বিধ সাংঘাটিক ঔষধি গুণ সম্পন্ন, ই মানুহৰ মূৰ বিষত সকাহ দিয়ে ,লগতে সৰু ল’ৰা ছোৱালীৰ কাঁহৰ ক্ষেত্ৰত অতি ফলদায়ক। ল’ৰা ছোৱালীৰ বয়স অনুযায়ী ১১/২১/৩১ পাহ এই উদ্ভিদৰ ফুলৰ ৰসৰ সৈতে সমান পৰিমাণৰ মৌৰস তিনিদিন একে সময়তে খুৱালে কাঁহ ভাল হৈ যায়। আমি ল’ৰা ছোৱালীক এইবোৰ খুৱাইয়েই আজি পৰ্যন্ত সুস্থ কৰি ৰাখিছোঁ।

ভেদাই লতা বা ভেবেলী লতা::–:: ঔষধি গুণ সম্পন্ন এই লতা জাতীয় উদ্ভিদ জোপা মোহাৰি দিলে পাদ পাদ গোন্ধোৱাৰ কাৰণে কিছুমানে ইয়াক পাদ লতা বুলিও কয়। সৰুতে এলপি স্কুলৰ কিতাপত পঢ়িবলৈ পাইছিলি নহয়……..

“নাৰ্জী পাতে কটা চিঙাত তেজ বন্ধ কৰে

মানিমুনি ভেদাই লতাই পেট ভালে ৰাখে।

আগতে আমাৰ ভাত খাবলৈ মন নগলে আইতাই ভেদাইলতা পতাত পিচি তাৰ ৰস আলুৰ সৈতে আঞ্জা ৰান্ধি খুৱাই ছিল হজমৰ শক্তি বৃদ্ধি কৰিবলৈ।

নৰসিংহ::–:: হাবিয়ে জংঘলে দেখিবলৈ পোৱা এই সহজ লভ্য ঔষধি গুণসম্পন্ন গুল্মজাতীয় গছজোপাৰ পাত আমাৰ বৰ উপকাৰী । পেটৰ বিষ মূৰৰ বিষৰ ওপৰিও চুলিৰ কাৰণেও ইয়াৰ পাতৰ ৰস কেঁচাই বা আঞ্জা ৰান্ধি খালে সুফল দিয়ে(চুলি সৰা বন্ধ হোৱাৰ লগতে অকাল পকাও বন্ধ হয়)। আমি ইয়াৰ পাত ৰ’দত শুকাই গুৰি খুন্দি আঞ্জা ভাজিত মাজে মাজে দিওঁ গম নাপাৱ জানো?

দুপৰ টেঙা::—:: পিৰালিৰ কাষতে থকা সেই উদ্ভিদ জোপাক পাতেগজা বুলিও কোৱা হয়, কাৰণ পাতৰ পৰাই ইয়াৰ বংশ বৃদ্ধি হয়, অৰ্থাৎ নতুন গছ হয়। এই শাক বিধ দুপৰীয়াৰ আগতে খালে টেঙা লাগে পিছলৈ টেঙা নাইকীয়া হয়। ই আমাৰ প্ৰস্বাবৰ অসুবিধা দূৰ কৰে লগতে পেটত পাথৰ হ’লে প্ৰথম পৰ্যায়ত ইয়াৰ ৰসে আৰোগ্য প্ৰদান কৰে।

মাটিকাদুৰী::–:: যতে ততে গজি উঠা এই মাটিকাদুৰী জোপা বৰ প্ৰয়োজনীয় ঔষধি গুণসম্পন্ন উদ্ভিদ। ইয়াৰ অনেক অনেক গুণাগুণ আছে, নিয়মীয়া কৈ খাব পাৰিলে বহুত ভাল। ঋতুমতী হোৱাৰ পিছত যি বিলাক ছোৱালীয়ে বগাস্ৰাৱৰ ৰোগত ভোগে , তেওঁ লোকৰ কাৰণে ই উত্তম পথ্য, ই বিভিন্ন উপসৰ্গ সমূহ নিয়ন্ত্ৰণ কৰি ৰাখে। গেছৰ ৰোগী সকলৰ কাৰণেও ইয়াৰ ৰসে ফলদায়ক আৰু ই স্মৃতি শক্তি ধৰি ৰখাটো সহায় কৰে।

পছতীয়া::–:: এই অলপ ডাঙৰ পাতেৰে ধুনীয়া ফুল ফুলা গছজোপা আমাৰ বৰ উপকাৰী,ইয়াক শুকনি হিচাপে জনা হয়। প্ৰসূতি মাতৃক এই পাত ভাজি খাবলৈ দিয়া হয়।

মচন্দৰী::–:: এই কেঁচা মাছ কেঁচা মাছ গোন্ধৱা তৃণ জোপা আমাৰ বৰ উপকাৰী, ল’ৰা ছোৱালীয়ে পনীয়া শৌচ কৰিলে ইয়াৰ ৰসে উপশম ঘটায়। আঞ্জা বনোৱাৰ উপৰিও ইয়াক কেঁচা কৈ পিচি খাবৱো পাৰি।

বনৰীয়া কচু::–:: এই বনৰীয়া কচু জোপা অলপ যত্ন কৰি ৰান্ধিলে এখন সুন্দৰ ব্যঞ্জণ হয়, ই মানুহৰ শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে।

ব্ৰাহ্মী শাক::–:: আমাৰ পিৰালিত পৰি থকা সেই ব্ৰাহ্মী শাক জোপা আমাৰ কাৰণে অতি উপকাৰী,ই স্মৃতি বৰ্ধক। সৰু ল’ৰা ছোৱালীক খুৱালে স্মৃতি শক্তি বৃদ্ধি হয় বুলি আইতাহঁতে কয়।

চেংমৰা::–:: আমাৰ বাঁহনিৰ ওচৰৰ সেই দ ঠাইকণত যে গজি আছে সেই চেংমৰা কেইজোপা, সেইজোপাও আমাৰ স্বাস্থ্যৰ কাৰণে উত্তম পথ্য। উচ্চ ৰক্ত চাপ জনিত লোকে খালে সুফল পায় বুলি কোৱা শুনো।

লাই জাৱৰী::–:: অকণি অকণি ঘূৰণীয়া পাতৰ সেই যে যতে ততে গজি থকা লাইজাৱৰী শাকবোৰ অকল খাবলৈ ভালেই নহয়, ইয়াৰ উপকাৰী গুণো আছে। কেতিয়াবা যদি টোপনি নধৰা বেমাৰে লগ দি ওৰে ৰাতি উজাগৰে কটাবলগীয়া হয়, তেতিয়া এই শাকৰ জোল বা কেঁচা ৰস গাখীৰৰ লগত মিলাই খায় শুলে ধুনীয়া টোপনি আহে বুলি কোৱা শুনো।

বিজুৰীয়াকৈ (মাৰ ভাষাত) তেৰ বিধ মান শাকৰ বিষয়ে কথাকৈ মায়ে ক’লে, আজিলৈ আৰু নকওঁ দে…. মোৰ কাম কেইটামান কৰিবলৈ আছে।

আমাৰ কাষৰে পাজৰে সহজতে পোৱা এই ঔষধি গুণ সম্পন্ন শাক বিলাক, আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী কথা ভাবিয়েই হয়তো আমাৰ পূৰ্ব পুৰুষ সকলে অসমীয়া নতুন বছৰৰ প্ৰাৰম্ভনিৰ দিনটোতেই এনে খাদ্য সম্ভাৰ গ্ৰহণ কৰাৰ এক পকা বন্ধা পৰম্পৰা গঢ়ি থৈ গৈছে, বছৰটোলৈ বুলি সকলোৱে স্বাস্থ্য সুৰক্ষিত থকাৰ মানস লৈ।সেয়ে বোধ কৰোঁ এই পৰম্পৰা অক্ষুণ্ণ ভাৱে বছৰ ধৰি বছৰ বিদ্যমান আমাৰ অসমীয়া সমাজৰ জনজীৱনত।

দিপ্তী মনি গোস্বামী

Leave A Reply