Breaking

বিষাই থকা দাঁত তুলিবলৈ গৈ যুৱকৰ কৰুণ মৃত্যু! প্ৰমাণ সংৰক্ষণ কৰিবলৈ পাঁচ মাহৰ বাবে সযতনে ৰখা হ’ব মৃতদেহ…

0 50

দাঁতৰ বিষ কেতিয়াবা মাৰাত্মক হ’ব পাৰে৷ সেয়া প্ৰমাণ হ’ল আমাৰ ওচৰৰে দেশ চীনত৷ দাঁতৰ বিষৰ বাবে চিকিৎসকৰ ওচৰলৈ যোৱা এজন যুৱকে মৃত্যুক সাৱটি ল’বলগীয়া হোৱাৰ ঘটনাই বিভিন্ন দিশৰ উন্মেষ ঘটাইছে৷ ঘটনাটো চীনৰ হুনান প্ৰদেশত সংঘটিত হৈছে৷ শ্বেনঝেনৰ ৱাং নামৰ এজন ২৩ বছৰীয়া যুৱকে দাঁতৰ বিষৰ বাবে চিকিৎসকৰ ওচৰলৈ গৈছিল।চিকিৎসাৰ বাবে কুইয়ং পিপ’লছ হস্পিটেললৈ যোৱা ৱাংক দন্ত চিকিৎসকে কৈছিল যে তেওঁৰ দুটা দাঁত তুলি পেলাব লাগিব। সেইমতে তেওঁৰ দুটা দাঁত তুলিছিল৷ ইয়াৰ পিছত শুই থকাৰ পৰা উঠাৰ লগে লগে যুৱক জন মজিয়াত ঢলি পৰে আৰু সংজ্ঞাহীন হৈ পৰে৷ তেওঁক লগে লগে জৰুৰীকালীন চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়৷ কিন্তু তেওঁ ক’মা অৱস্থালৈ গুছি যায় আৰু অৱশেষত মৃত্যুক সাৱটি লয়৷ জানিব পৰা মতে ৱাঙৰ দাঁত আঁতৰ কৰাৰ সময়তে তেওঁৰ মগজুৰ ৰক্তক্ষৰণ আৰম্ভ হৈছিল। ৱাং ১৪ দিন ক’মাত আছিল আৰু অৱশেষত মৃত্যুবৰণ কৰে৷

ৱাঙৰ পৰিয়ালে ঘটনাটোৰ বাবে চিকিৎসালয়খনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু চিকিৎসা কৰ্মীসকলৰ অৱহেলাৰ বাবেই ৱাঙৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে৷ ইপিনে এই ঘটনাৰ পিছতে বহু বিশেষজ্ঞই দাঁতৰ বিষৰ চিকিৎসা কৰাৰ আগতে সকলোকে সাৱধান হ’বলৈ পৰামৰ্শ দিছে। পৰিয়ালটোৱে চিকিৎসালয়ৰ পৰা ২,০৮,৩২,৮৮৭ চীনা মুদ্ৰাৰ ক্ষতিপূৰণ দাবী কৰিছে, কিন্তু চিকিৎসালয়খনে ৬৯,৭১,৯৬২ চীনা মুদ্ৰা পৰিয়ালটোক অৰ্পন কৰি বিষয়টো নিষ্পত্তি কৰিব বিচাৰে। এনে ঘটনাক্ৰমৰ মাজতে গোচৰটো মীমাংসা নোহোৱালৈকে ৱাঙৰ মৃতদেহ পাঁচ মাহৰ বাবে সংৰক্ষণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ যাতে সৈতে চিকিৎসকে কৰা গাফিলতিৰ প্ৰমাণ ৰাখিব পৰা যায়৷

Leave A Reply