Breaking

পৱিত্ৰ শিক্ষক দিৱসত শিক্ষকৰ আশীৰ্বাদেৰে আগবাঢ়ি যোৱাৰ সংকল্প তৃণমূল কংগ্ৰেছৰ

0 98

শিক্ষকসকল হৈছে সমাজৰ মাৰ্গদৰ্শক, শ্ৰেষ্ঠ পৰামৰ্শদাতা। শিক্ষাগুৰুৰ পৰামৰ্শ আৰু আশীৰ্বাদে যুৱ প্ৰজন্মক উদ্বুদ্ধ কৰি ৰাখে। মঙলবাৰে পৱিত্ৰ শিক্ষক দিৱসৰ দিনটোত এই কথাকেই স্মৰণ কৰে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে। ৫ ছেপ্তেম্বৰৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো পৱিত্ৰ শিক্ষক দিৱস উপলক্ষে অসম তৃণমূল যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সহযোগত দিশপুৰ প্ৰেছ ক্লাৱত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটীৰ লগতে ৰাজ্যৰ অন্য জিলাবোৰতো তৃণমূল যুৱ কংগ্ৰেছে শিক্ষক দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰে।

গুৱাহাটীৰ শিক্ষক দিৱসৰ এই বিশেষ অনুষ্ঠানটোত তৃণমূল কংগ্ৰেছ দলটোৱে ৬ গৰাকী কৃতী শিক্ষকক বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে এখনকৈ মানপত্ৰ প্ৰদান কৰে। বিশেষ সম্বৰ্ধনা জনোৱা কৃতি শিক্ষককেইগৰাকী হৈছে শিক্ষাবিদ হিৰণ্য বৰা, ডঃ অপূৰ্ব কুমাৰ বৰুৱা, হিমানী দেৱী চক্ৰৱৰ্তী, মীৰা ভট্টাচাৰ্য, শিৱপ্ৰসাদ মাৰাৰ আৰু উৎপল চক্ৰৱৰ্তী।

অনুষ্ঠানটোত উপস্থিত থাকি শিক্ষাগুৰুসকলে সমাজত যুৱ প্ৰজন্মৰ ওপৰত অভিভাৱক হিচাপে শিক্ষকৰ দায়িত্বৰ কথা দোহাৰে আৰু লগতে এই কথাটোৰ ওপৰত গুৰুত্ব দি কয় যে বৰ্তমানৰ পৰিৱৰ্তিত সমাজ ব্যৱস্থা তথা আৰ্থ-সামাজিক দিশৰ শুধৰণিৰ দায়িত্ব যুৱ প্ৰজন্মৰ, গতিকে ৰাজনৈতিক মঞ্চত থকা তৃণমূল কংগ্ৰেছ দলটোৰ যুৱ প্ৰতিনিধিসকলে এই কথাটো উপলব্ধি কৰি সমাজ সংস্কাৰৰ দায়িত্ব লোৱা উচিত।

সভাত উপস্থিত থকা অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তই শিক্ষা আৰু শিক্ষকে কিদৰে সমাজত আমূল পৰিৱৰ্তন সাধন কৰে সেই বিষয়টো সন্দৰ্ভত মন্তব্য ৰাখে। দত্তই লগতে কয় যে যুৱ প্ৰজন্মক উদ্বুদ্ধ কৰা শিক্ষাগুৰুৰ গুৰুত্ব এই সমাজত অপৰিসীম আৰু শিক্ষগুৰুৰ পৰামৰ্শইহে যুৱ সমাজক সামাজিক দিশত শক্তিশালী কৰি তোলে। শিক্ষাগুৰুৰ আশীৰ্বাদ লৈ তৃণমূল কংগ্ৰেছ দলটোৰ যুৱ প্ৰতিনিধিসকলে বৰ্তমান সমাজত হৈ থকা অনীতি-অপশাসন দূৰ কৰি সমাজ সংস্কাৰৰ বাবে বদ্ধপৰিকৰ বুলি তেওঁ দোহাৰে।

দিশপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত শিক্ষক দিৱসৰ বিশেষ কাৰ্যসূচীত অসম তৃণমূল যুৱ কংগ্ৰেছ আৰু কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ বিষয়ৱবীয়াসকলৰ লগতে মহানগৰৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সচেতন নাগৰিকসকল উপস্থিত থাকে।

Leave A Reply